নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘৰুৱা উপায়েৰে দূৰ কৰি কৰিব পাৰি ইউৰিক এচিড, জানো আহক উপায় কেইটা

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ   প্ৰায়েই শুনা যায় যে আপোনাৰ নহলে আপোনাৰ সম্বন্ধীয় কাৰোবাৰ ইউৰিক এছিড হৈছে বুলি। যাৰ বাবে তেওঁ খোজ কাঢ়িব নোৱাৰে আৰু লগতে ভৰিৰ গাঁঠি ফুলি উঠে। দৰাচলতে শৰীৰত ইউৰিক এচিড বঢ়াৰ মুখ্য কাৰণ হৈছে আমাৰ শৰীৰত সুস্থিৰ ডাইটৰ অভাৱ। যি সকল লোকে বেছি প্ৰটিন যুক্ত আহাৰ খায়, তেওঁলোকৰ শৰীৰত লাহে লাহে ইউৰিক এচিড বৃদ্ধি হয়। আনহাতে শৰীৰত ভিটামিন চিৰ অভাৱ হলেও ইউৰিক এছিড বৃদ্ধি হয়।

কিন্তু আপুনি জানে নে কেইটামান ঘৰুৱা উপায়ৰে ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিব পাৰি। পঢ়ক আমাৰ এই প্ৰতিবেদন

পালেংঃ ভিটামিন চিৰ পালেংক বহু পৰিমাণে থাকে। যাৰ বাবে ইউৰিক এচিডত ভুগি থকা লোক সকলে পালেং খালে বহু উপকাৰ হ’ব। ইউৰিক এচিডৰ বাবে গাঁঠিৰ বিষ হৈ থাকিলে পালেং খালে আৰাম পোৱা যায়। পালেংৰ ভাজী অথবা চুপ বনাইও খাব পাৰে।

কমলাঃ ভিটামিন চি যথেষ্ট পৰিমাণে পোৱা যায় কমলাত। নিয়মিত ভাৱে কমলা ৰস সেৱন কৰিলে শৰীৰত উৎপন্ন হোৱা বিষাক্ত পদাৰ্থ নষ্ট হৈ যায় আৰু ইউৰিক এচিডৰ পৰিমাণক নিয়ন্ত্ৰণ কৰে। ইয়াৰ উপৰিও কমলা খালে হাড়ও মজুত হয়।

লিচুঃ লিচুটো ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায়। লিচুৰ প্ৰতি ১০০ গ্ৰামত ৭১.৫ মিঃগ্ৰামঃ ভিটামিন চি পোৱা যায়। সেই বাবে ইউৰিক এচিডৰ ৰোগী সকলে লিচু খালে এই ৰোগ বহু পৰিমাণে নিয়ন্ত্ৰনলৈ আনে।

কেঁচা জলকীয়াঃ হয়তো আপুনি জানি আচৰিত হ’ব কেঁচা জলকীয়া বহু পৰিমাণে ভিটামিন চি পোৱা যায়। মাত্ৰ ১০০ গ্ৰাম কেঁচা জলকীয়াত প্ৰায় ২৪২ এম জি ভিটামিন চি পোৱা যায়। গতিকে কেঁচা জলকীয়াও সেৱন কৰিব পাৰে।

ইয়াৰ উপৰিও ইউৰিক এচিড হোৱা লোকে প্ৰচুৰ পৰিমাণে পানী খাব লাগে।

You might also like