নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুঃস্বপ্ন! একেখন চিতাতে জ্বলাইছে ৪–৫টাকৈ মৃতদেহ

নিয়মীয়া বাৰ্তা, ১৮এপ্ৰিলঃ পৰিয়ালৰ লোকৰ বাবেই নহয়, প্রশাসনৰ বাবেও দুঃস্বপ্ন হৈ উঠিছে৷ মহাৰাষ্ট্র, উত্তৰ প্রদেশ, নতুন দিল্লী, মধ্যপ্রদেশ, বিহাৰকে ধৰি কেইবাখনো ৰাজ্যত এতিয়া নাটনি হৈছে অন্তিম সৎকাৰৰ বাবে শ্মশান, সমাধিৰ বাবে ভূমিৰ৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত মৃত্যুৰ বিভীষিকাই এনে এক পর্যায়লৈ নিছে যে শ্মশানত এতিয়া মৃতদেহ সৎকাৰৰ বাবে ঘণ্টাই ঘণ্টাই অপেক্ষা কৰিবলগীয়া হৈছে৷

একেখন শ্মশানত প্রতিদিনেই ৮০তকৈ অধিক ক’ৰোনা ৰোগীৰ মৃতদেহ সৎকাৰ কৰিবলগীয়া হৈছে৷ আনকি নতুনকৈ শ্মশান নির্মাণ কৰিবলগীয়া হৈছে৷ নিশাৰ ভিতৰতে শ্মশান সাজি মৃতদেহ সৎকাৰ কৰি আছে৷ এনে এক পীড়াদায়ক পৰিস্থিতিৰো সৃষ্টি হৈছে যে একেখন চিতাতে ৪ৰ পৰা ৫টা মৃতদেহ সৎকাৰ কৰিবলগীয়া হৈছে৷

ক’ভিডত সর্বাধিক ক্ষতিগ্রস্ত মহাৰাষ্ট্রত বিগত কেইবাদিন ধৰি তিনি শতাধিক লোকে প্রাণ হেৰুওৱাত শ্মশানৰ অভাৱ ঘটাত একেখন চিতাত কেইবাজনক সৎকাৰ কৰা হৈছে৷ ৰাজ্যখনৰ কাৰাডৰ এখন শ্মশানত একেখন চিতাত চাৰিটা মৃতদেহ সৎকাৰ কৰা আলোকচিত্রই আলোড়ন সৃষ্টি কৰিছে৷

উত্তৰ প্রদেশৰ লক্ষ্ণৌত শ্মশানত মৃতদেহ সৎকাৰ কৰিবলৈ ঘণ্টা ঘণ্টা অপেক্ষা কৰিবলগীয়া হৈছে৷ শ্মশান কর্তৃপক্ষৰ কর্মচাৰীসকলে আহাৰ–পানী গ্রহণ নকৰাকৈয়ে সৎকাৰ কার্যত ব্রতী হৈ আছে৷ বিহাৰৰ পাটনাতো একেই পৰিৱেশ সৃষ্টি হৈছে৷ পুৰণি শ্মশানৰ মৃতদেহ সৎকাৰৰ অসুবিধা হোৱাত নতুনকৈ বন্ধ হোৱা বৈদ্যুতিক শ্মশান মুকলি কৰিছে আৰু ইয়াতেই সৎকাৰ কৰা আৰম্ভ কৰিছে৷

আনপিনে, মধ্যপ্রদেশৰ ভূপালতো ক’ভিড ৰোগীৰ মৃতদেহ সৎকাৰ কৰাৰ বাবে নির্ধাৰিত কৰা শ্মশানে বোজা কঢ়িয়াব নোৱাৰা হোৱাত নতুনকৈ শ্মশান নির্মাণ কৰি লৈছে৷ এখন শ্মশানত এটা সময়তে ১২খনকৈ চিতাত মৃতদেহ সৎকাৰ কৰি আছে৷ ৰাজধানী নতুন দিল্লীৰ কেইবাখনো শ্মশানত মৃতদেহ সৎকাৰ কৰাৰ বাবে সময় আৰু স্থানৰ নাটনি হৈছে৷ ইয়াৰ পৰিপ্রেক্ষিতত নিজামঘাটৰ শ্মশানত পূর্বে নির্ধাৰণ কৰি থোৱা নিয়ম ভংগ কৰি একেদিনাই ৬০ৰ পৰা ৮০টা মৃতদেহ সৎকাৰ কৰি আছে৷

উল্লিখিত চাৰিখন ৰাজ্যৰ এই ঘটনা এটা উদাহৰণহে৷ দেশৰ অধিকাংশ ৰাজ্যতে এনে অনুৰূপ ছবি প্রত্যক্ষ হৈছে৷ কিয়নো ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে দেশৰ প্রান্তে প্রান্তে সংহাৰী ৰূপ লৈছে৷ মহামাৰী ক’ভিড–১৯ৰ সংক্রমণ প্রতিদিনেই দ্রুতগতিত বৃদ্ধি পাই আছে৷ বিগত তিনি দিন ধৰি দেশজুৰি আক্রান্তৰ সংখ্যাই দুই লক্ষাধিক অতিক্রম কৰি আছে৷ কালিৰ তুলনাত যোৱা ২৪ ঘণ্টাত অর্থাৎ এদিনত ১৭ সহস্রাধিক লোক আক্রান্ত হৈ মুঠ ২.৩৪ লক্ষাধিক লোক ঘাতক ভাইৰাছত আক্রান্ত হৈছে৷ ইয়াকে লৈ আক্রান্তৰ সংখ্যা ১.৪৫ কোটি অতিক্রম কৰিছে৷

ইপিনে,  মৃতকৰ তালিকাত শীর্ষত থকা মহাৰাষ্ট্রৰ পৰিস্থিতি অতি ভয়াৱহ হৈছে৷ ৰাজ্যখনত আক্রান্ত ৰোগীক ৰাখিবলৈ হাস্পতালত ঠাইৰ অভাৱ ঘটিছে৷ তেনেদৰে ৰাজধানী দিল্লীতো একেই পৰিৱেশ সৃষ্টি হৈছে৷ আক্রান্তৰ সংখ্যা বর্ধিত হোৱা ৰাজধানী চহৰখনত হাস্পতালত ৰোগীৰ সংখ্যা বৃদ্ধি পাই থকাত চিকিৎসালয়ত অসুবিধা সৃষ্টি হৈছে৷ কিয়নো ৰাজধানী দিল্লীত শতাধিক চিকিৎসক, স্বাস্থ্যকর্মী ক’ৰোনাত আক্রান্ত হৈছে৷

আনপিনে, উত্তৰাখণ্ডতো ৬৭জন স্বাস্থ্যকর্মী ক’ৰোনাত আক্রান্ত হোৱাত ৰাজ্যখনৰ চিকিৎসালয়সমূহত শংকাৰ পৰিৱেশ সৃষ্টি হৈছে৷ লক্ষণীয় যে বলীউডৰ ৰথী–মহাৰথী ক’ভিডত আক্রান্ত হোৱাৰ পাছত শেহতীয়াভাৱে অর্থাৎ শনিবাৰে সমাজকর্মী তথা অভিনেতা ছনু সুদ ক’ভিড–১৯ত আক্রান্ত হৈছে৷

উল্লেখ্য যে দেশৰ অধিকাংশ ৰাজ্যত ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পোৱাত ৰে’ল বিভাগে যাত্রীসকললৈ নতুন নির্দেশনা জাৰি কৰিছে৷ নির্দেশনা অনুসৰি ৰে’লৱে চৌহদ অথবা ৰে’ল ষ্টেচনত মাস্ক অবিহনে প্রৱেশ কৰিব নোৱাৰিব৷ কোনো লোকে মাস্ক নিপিন্ধাকৈ ৰে’ল ষ্টেচনত প্রৱেশ কৰিলে ৫০০ টকা জৰিমনা ভৰিব লাগিব৷ তেনেদৰে সকলো ৰে’লযাত্রীয়ে ৰে’লৰ ভিতৰত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক৷ মাস্ক পৰিধান নকৰিলে ৫০০ টকা জৰিমনা বিহা হ’ব৷ 

You might also like