নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ক’ভিড আক্রান্তৰ সংখ্যা ২২ লাখ ৫৭ হাজাৰ অতিক্রম

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ বিশ্বজুৰি ক’ভিড–১৯ৰ সংহাৰ অব্যাহত আছে৷ শেহতীয়াকৈ প্রাণঘাতী এই ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত লোকৰ সংখ্যা ভাৰতত ২২ লাখ ৫৭ হাজাৰলৈ বৃদ্ধি পাইছে৷ কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ তথ্য অনুসৰি কালি দিনটোত নতুনকৈ ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হৈছে ৬৫,০৬৪গৰাকী লোক৷ ইতিমধ্যে দেশত এই প্রাণঘাতী ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হৈ প্রাণ হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৪৫,১৯৮গৰাকীলৈ৷

অৱশ্যে দেশখনত ক’ভিড সংক্রমণৰ পৰা আৰোগ্য লাভ কৰিছে ১৫,৭১,৭১২গৰাকী লোকে৷ ইফালে সমগ্র বিশ্বত ক’ভিড আক্রান্ত লোকৰ সংখ্যা ২,০১,১৯,৬৪৪গৰাকীলৈ বৃদ্ধি পাইছে৷ সমগ্র বিশ্বত ক’ভিড মহামাৰীত প্রাণ হেৰুৱাইছে ৭,৩৫,৬৬৭গৰাকী লোকে৷ ক’ভিড সংক্রমিত লোকৰ তালিকাত শীর্ষ স্থানত থকা আমেৰিকাত আক্রান্ত লোকৰ সংখ্যাই ৫২ লাখ অতিক্রম কৰিছে৷ দেশখনত এই মহামাৰীত প্রাণ হেৰুৱাইছে ১,৬৫,৭৬৬গৰাকী লোকে৷ তালিকাত দ্বিতীয় স্থানত থকা ব্রাজিলত আক্রান্ত লোকৰ সংখ্যা এই বাতৰি যুগুতোৱা পৰলৈ ৩০,৩৫,৫৮২গৰাকীলৈ বৃদ্ধি পাইছে৷ দেশখনত ক’ভিড মহামাৰীয়ে প্রাণ কাঢ়িছে ১,০১,১৩৬গৰাকীৰ৷

You might also like