নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘূর্ণি ‘নিবাৰ’ত তামিলনাডুত মৃত ৫

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননীৰ দৰেই ২৫ নৱেম্বৰৰ মাজনিশাৰ পৰাই তামিলনাডুৰ বিভিন্ন জিলাত ঘূর্ণি ‘নিবাৰ’–এ তাণ্ডৱ চলায়৷ প্রবল ধুমুহাৰ লগতে নেৰানেপেৰা বৰষুণৰ ফলত তামিলনাডুৰ বিভিন্ন স্থান জলমগ্ণ হোৱাত স্বাভাৱিক জীৱন ব্যাহত হয়৷ ঘূর্ণি নিবাৰে তামিলনাডুত প্রৱেশ কৰাৰ পিছত শক্তি পিছলৈ নিম্নগামী হোৱাত ৰাজ্যখনৰ প্রভাৱিত অঞ্চলসমূহ ভয়ৱহ ক্ষয় ক্ষতিৰ পৰা ৰক্ষা পৰে৷ ঘূর্ণি সংক্রান্তীয় বিভিন্ন কাৰণত ৰাজ্যখনত পাঁচজন লোকে প্রাণ হেৰুৱাইছে৷

তামিলনাডুক কোবাই নিবাৰে পুডুচেৰীলৈ ধাৱমান হৈছে৷ ঘূর্ণিৰ ফলত তামিলনাডুত নেৰানেপেৰাকৈ বৰষুণ অব্যাহত থকাত কেইবাখনো চহৰ জলমগ্ণ হোৱাত যাতায়াত ব্যৱস্থা ব্যাহত হৈছে৷ ঘূর্ণিৰ প্রভাৱত পৰা তামিলনাডুৰ চৰকাৰক সকলো ধৰণে সহায় কৰাৰ আশ্বাস দিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ ইপিনে, ৰাজ্যখনত অতিকমেও ২.২৫ লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে৷ ৩ হাজাৰতকৈ অধিক আশ্রয় শিবিৰ স্থাপন কৰা হৈছে৷

You might also like