নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাতীয় জীৱনৰ প্রতি গগৈৰ আকাশ সমান অৱদান ইতিহাসত ৰৈ যাব

গগৈৰ নশ্বৰ দেহত প্রণিপাত জনাই মন্ত্রী ড০ শর্মাই ক’লে

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ সর্বাধিক কালৰ বাবে অসমৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হ’বলৈ সক্ষম হোৱা তৰুণ গগৈৰ বৃহস্পতিবাৰে গুৱাহাটীৰ নৱগ্রহ শ্মশানত ৰাষ্ট্রীয় মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয়৷ অন্ত্যেষ্টিক্রিয়াত অংশগ্রহণ কৰি ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ দপ্তৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রয়াত প্রাক্তন মুখ্যমন্ত্রীগৰাকীক আঁঠু কাঢ়ি শেষ শ্রদ্ধা নিবেদন কৰে৷ অন্ত্যেষ্টিক্রিয়াৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই গগৈৰ সৈতে থকা সান্নিধ্য সোঁৱৰণ কৰি কয়– গগৈয়ে অসমৰ ৰাজনীতিৰ এটা যুগৰ প্রতিনিধিত্ব কৰিছিল৷ ১৯৯৭ চনৰ পৰা বিশেষকৈ ২০০১ চনৰ পৰা ২০১২ চনলৈ গগৈৰ লগত মোৰ ঘনিষ্ঠ সম্পর্ক আছিল৷ অসমৰ ৰাজনীতি, সমাজ জীৱনৰ কেইবাটাও অধ্যায়ৰ লগত দুয়ো একেলগে কাম কৰিছিলোঁ৷ সেই সময়ছোৱাত গগৈ চৰকাৰে লোৱা কেইটামান গুৰুত্বপূর্ণ অধ্যায়ৰ বাবে সদায় ৰাইজে তেওঁক সুঁৱৰিব বুলি উল্লেখ কৰি তেওঁ কয়– গুপ্তহত্যাৰ বিভীষিকাৰ পৰা ৰাজ্যখনলৈ স্বাভাৱিক জীৱনযাত্রা গগৈয়ে ওভতাই আনিছিল৷ সেই সময়ত গুৱাহাটী মহানগৰীত গধূলি সময়ত মানুহ ঘৰৰ পৰা ওলাবলৈ ভয় কৰিছিল৷ ঊষা ক’টৰ সন্মুখেৰে যাবলৈ ভয় কৰিছিল৷ গগৈৰ নেতৃত্বতে গুপ্তহত্যাৰ অৱসান ঘটাই স্বাভাৱিক অৱস্থা উভতি আহিছিল৷ বিত্তীয় অৱস্থাৰ ক্ষেত্রতো যথেষ্ট পৰিৱর্তন আহিছিল৷ যি সময়ত চৰকাৰে ৰাজ্যিক কর্মচাৰীক মৰগীয়া বানচ দিব পৰা নাছিল, গগৈ ক্ষমতালৈ অহাৰ পাছতে কেন্দ্রীয় কর্মচাৰীৰ সমহাৰত ৰাজ্যিক কর্মচাৰীক দৰমহা আদায় দিব পৰা পর্যায়ত চৰকাৰ উপনীত হৈছিল৷ নেচনেল গেম্ছ গগৈয়ে সফলতাৰে অনুষ্ঠিত কৰিছিল৷ সেয়া জাতীয় জীৱনৰ সোণোৱালী ক্ষণ আছিল৷ ১৯৬০ চনৰ পাছত যোৰহাটত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাটো এক সোণোৱালী অধ্যায়৷ বিধ্বস্ত বাট–পথৰ পুনৰ নির্মাণেৰে গগৈ আধুনিক অসমৰ খনিকৰ হৈ পৰিছিল৷ ২০০১ চনৰ পৰা গগৈৰ শাসন অসম বুৰঞ্জীৰ গৌৰৱময় ইতিহাস হিচাপে সদায় অভিহিত কৰিব৷ মন্ত্রী ড০ শর্মাই আৰু কয়– ২০০১ চনৰ পৰা ২০১২ চনলৈ গগৈৰ সৈতে মোৰ অত্যন্ত নিবিড় সম্পর্ক আছিল৷ গগৈৰ প্রতিটো পল, প্রতিটো মুহূর্তৰ মই সাক্ষী আছিলোঁ৷ বহু দিন দুয়ো ১২–১৩ ঘণ্টা একেলগে আছিলোঁ৷ ২০১২ চনৰ পাছত আন এটা অধ্যায় আৰম্ভ হয়৷ তেতিয়াৰে পৰা মোৰ গগৈৰ সৈতে কথা–বতৰা কমি আহে৷ ২০০১ৰ পৰা ২০১২ চনলৈ গগৈ এজন প্রবল জাতীয়তাবাদী–ৰাষ্ট্রবাদী আছিল৷ ২০১২ত তেওঁৰ ৰাজনীতিয়ে মোৰ সলাইছিল৷ তেওঁ নিজেও আন এক অধ্যায়লৈ আহিছিল৷ কিন্তু তাৰ আগলৈকে এন আৰ চি প্রস্তুত, জাতীয় জীৱনৰ স্বার্থ ৰক্ষাৰ বাবে নিজকে আহুতি দিয়া, আনকি ১৯৫১ চনক ভিত্তিবর্ষ কৰা সম্পর্কতো মোৰ সৈতে গগৈয়ে আলোচনা কৰিছিল৷ জাতীয় জীৱনৰ প্রতি, অসমখনৰ প্রতি গগৈৰ আকাশ সমান অৱদান অসমৰ ইতিহাসে সদায় সঠিক–শুদ্ধভাৱে মূল্যায়ন কৰিব৷ ২০০১ৰ পাছৰ প্রাচুর্যময় অসমৰ ৰূপকাৰ, খনিকৰ হিচাপে সদায় গগৈক মূল্যায়ন কৰিব৷ অসমৰ সমাজ জীৱনৰ প্রতি গগৈৰ দায়বদ্ধতা আৰু অৱদানৰ চিত্রখন অসম বুৰঞ্জী আৰু ইতিহাসে কেতিয়াও পাহৰিব নোৱাৰে৷

তেওঁ আৰু কয়– ক’ভিডৰ সময়ত গগৈয়ে ৰাজনৈতিক কুচকাৱাজকে ধৰি নিজকে যেনেদৰে ৰাজনীতিত জড়িত কৰিছিল, তাত মই সন্মত নাছিলোঁ৷ ব্যক্তিগতভাৱে মই গগৈক ক’ভিডৰ ভয়াৱহতাৰ বিষয়ে বুজাই তাৰ পৰা আঁতৰি থকাটো উচিত হ’ব বুলি জনাইছিলোঁ৷ কিন্তু তেওঁ ৰাজনীতিৰ সৈতে ইমানেই জড়িত আছিল যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাতো সৌ সিদিনা বিহাৰ বিধানসভা নির্বাচনৰ ফলাফল ঘোষণাৰ খবৰ গোটেই দিনটোৱেই ৰাখিছিল৷ তেওঁৰ জীৱনটোৱে ৰাজনীতিৰ লগত নিবিড়ভাৱে জড়িত আছিল৷ ৰাজনীতিৰ প্রতি থকা অদম্য হেঁপাহ আৰু ইতিবাচক দৃষ্টিভংগীয়ে তেওঁক আছুতীয়াকৈ থকা, আঁতৰি থকাটো নিশিকাইছিল৷ আনহাতে, গগৈৰ সমাধিস্থলক লৈ হোৱা বিতর্কৰ প্রসংগত ড০ শর্মাই কয়– মহাত্মা গান্ধীৰ শেষ শয়নস্থলী ৰাজঘাট ক’ত? ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধীৰ শেষ শয়নস্থলী শক্তিস্থল ক’ত? দিল্লীৰ কর্ণাট প্লেচত নহয়৷ সদায় সমাধিস্থল এনে স্থানত নির্মাণ কৰা হয়, য’ত কোনো গুণমুগ্ধই নীৰৱে কিছু সময় কটাব পাৰে৷ ট্রাক–বাছৰ হুলস্থূল, প্রদূষণৰ পৰা কিছু দূৰত আৰু স্বাভাৱিক পাহাৰ, নদী, ভৈয়াম অঞ্চলত নির্মাণ কৰে৷ গগৈৰ সমাধিস্থলৰ বাবে শৰাইঘাটৰ ৰণৰ স্মৃতি বিজড়িত, আলাবৈ ৰণৰ স্মৃতি বিজড়িত, চিলাৰায়ৰ প্রতিমূর্তি বিজড়িত হৈ থকা, গগৈৰ নেতা ৰাজীৱ গান্ধীৰ নামত উৎসর্গিত ষ্টেডিয়ামৰ সন্মুখতে আমিনগাঁৱত গগৈৰ সমাধি স্থাপনৰ বাবে ভূমি ঠিক কৰা হৈছিল৷ কিন্তু অসম প্রদেশ কংগ্রেছ কমিটী আৰু পৰিয়ালৰ তৰফৰ পৰা সিদ্ধান্ত ল’লে নৱগ্রহতে শেষকৃত্য সম্পন্ন কৰাৰ৷ ইপিনে, তেওঁৰ ব্যক্তিগত জীৱনত প্রয়াত প্রাক্তন মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়া আৰু গগৈৰ অৱদান সম্পর্কত ড০ শর্মাই কয়– শইকীয়াই মোক ৰাজনৈতিক ক্ষেত্রখনলৈ আনিছিল৷ নিজৰ ল’ৰাৰ দৰে শইকীয়াই মোক ৰাজনীতিলৈ আনিছিল৷ গগৈৰ পৰা মই কাম শিকাৰ সুবিধা পালোঁ৷ মন্ত্রী–বিধায়ক হিচাপে মই গগৈৰ পৰা অনন্য অভিজ্ঞতা লাভ কৰিলোঁ৷ যি অভিজ্ঞতাই মোক আজিও কাম কৰাৰ বাবে আগুৱাই নিছে৷ গগৈৰ কাম–কাজৰ শৈলী, নিয়ম, কথা–বতৰাৰ প্রভাৱ আৰু চাপ স্বাভাৱিকতে পৰিবই, তাক অস্বীকাৰ কৰিব নোৱাৰোঁ৷

You might also like