নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইৰ হোটেলত উদ্ধাৰ সাংসদৰ মৃতদেহ

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ মুম্বাইৰ মেৰিন ড্ৰাইভ এলেকাৰ এখন হোটেলত দাদৰা নগৰ হাৱেলীৰ সাংসদ মোহন ভাই সঞ্জিভাই ডেলকৰৰ মৃতদেহ উদ্ধাৰ হয়।

প্ৰাথমিক তথ্য অনুসৰি, ডেলকৰে আত্মহত্যা কৰাৰ আশংকা কৰা হৈছে। গুজৰাটী ভাষাত লিখা এক ছুইচাইড নোটো আৰক্ষীয়ে উদ্ধাৰ কৰিছে।

আৰক্ষীয়ে ডেলকৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃত্যুৰ কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব বুলি স্থানীয় আৰক্ষীয়ে প্ৰকাশ কৰিছে।

উল্লেখ্য, মোহন ডেলকৰৰ বয়স ৫৮ বছৰ আছিল, তেওঁ দাদৰা আৰু নগৰ হাৱেলি লোকসভা সমষ্টিৰ এজন নিৰ্দলীয় সাংসদ আছিল। ১৯৮৯ চনত মোহন ডেলকৰ প্ৰথমবাৰৰ বাবে এই সংসদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।

You might also like