নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়পুৰ গ’ল্ডেন হাস্পতালত অক্সিজেন নাপাই ২৫ ৰোগীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ ক’ভিড–১৯সৃষ্ট পৰিস্থিতি দেশৰ হাস্পতালে হাস্পতালে অক্সিজেনৰ প্রচণ্ড নাটনি অব্যাহত আছে৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ তীব্রতাই প্রতিদিনে আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাত হাস্পতালত ক’ভিড ৰোগীৰ বাবে বিছনাৰ অভাৱ ঘটিছে৷ ইয়াৰ বাবেই হাস্পতালে হাস্পতালে সংকটজনক ক’ভিড ৰোগীক চিকিৎসাৰ বাবে অতি প্রয়োজনীয় তথা জীৱনদায়িনী অক্সিজেনৰ নাটনি চলিছে৷

কেন্দ্রীয় চৰকাৰে এই নাটনি সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্রহণ কৰিলেও কার্যতঃ ফলপ্রসূ হোৱা নাই৷ কালি দিল্লীকে ধৰি কেইবাটাও অঞ্চলৰ হাস্পতালত অক্সিজেনৰ অভাৱত কেইবাজনো লোকৰ প্রাণহানি হোৱাৰ পিছত শনিবাৰে পুনৰ অনুৰূপ শোকাৱহ ঘটনা সংঘটিত হৈছে৷ ৰাজধানী দিল্লী জয়পুৰ গ’ল্ডেন হাস্পতালত যোৱা ২৪ ঘণ্টাত অক্সিজেনৰ নাটনিৰ বাবে উশাহ বন্ধ হৈ ২৫জন ক’ভিড ৰোগীৰ মৃত্যু ঘটিছে৷

গ’ল্ডেন হাস্পতাল কর্তৃপক্ষই দিল্লী উচ্চ ন্যায়ালয়ক অক্সিজেনৰ অভাৱত আইচিইউত ২৫ ৰোগীৰ মৃত্যু হোৱা বুলি জনাইছে৷

ইপিনে, পঞ্জাবৰ অমৃতসৰ হাস্পতালত অক্সিজেনৰ নাটনিৰ বাবে ছজন ক’ভিড ৰোগীৰ মৃত্যু ঘটিছে৷ অমৃতসৰৰ ব্যক্তিগত হাস্পতালত অক্সিজেনৰ নাটনিৰ বাবে ছজন ক’ভিড ৰোগীৰ মৃত্যু ঘটা বুলি হাস্পতাল কর্তৃপক্ষই প্রকাশ কৰিছে৷ প্রাণ হেৰুওৱা এই ছয় ৰোগীৰ ভিতৰত দুগৰাকী মহিলাও আছে৷

ইপিনে দিল্লীৰ চর্দাৰ পেটেল হাস্পতালতো অক্সিজেনৰ অভাৱত দুজন ৰোগীৰ মৃত্যু হৈছে৷ দেশজুৰি অক্সিজেনৰ তীব্র নাটনি আৰু অক্সিজেন যোগানক লৈ শুনানি গ্রহণ কৰি দিল্লী উচ্চ ন্যায়ালয়ে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰক ছুনামি বুলি কয়৷

আইআইটি কানপুৰৰ এক অধ্যয়নৰ প্রসংগ উল্লেখ কৰি উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে মে’ মাহৰ মাজভাগত ক’ভিড জোৱাৰ শীর্ষত উঠিব৷ আমি ইয়াক জোৱাৰ বুলি ক’লেও ই আচলতে ছুনামিহে৷ শুনানি গ্রহণ কৰি ন্যায়ালয়ে এই কথা নিৰীক্ষণ কৰা বুলি কয় যে যিয়ে অক্সিজেন যোগানৰ চলাচলত বাধা প্রদান কৰে তেনে লোকক আদালতে ফাঁচিকাঠত ওলমাব৷

আনপিনে ৰাজধানী দিল্লীত ক’ভিড সংক্রমণৰ মাত্র বর্ধিত হৈ থকাৰ পৰিপ্রেক্ষিতত মুখ্যমন্ত্রী কেজৰিৱালে পুনৰ এসপ্তাহৰ বাবে লকডাউন ঘোষণা কৰিছে৷ কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্রেডার্ছ চমুকৈ চি এ আই টিয়ে মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক লকডাউন বলৱৎ কৰাৰ সমান্তৰালকৈ এসপ্তাহৰ বাবে সকলো বজাৰ বন্ধ দিবলৈ আহ্বান জনায়৷ লক্ষণীয় যে চি এ আই টিয়ে নিজাববীয়াকৈ দিল্লীত ব্যৱসায়িক প্রতিষ্ঠান বন্ধ ঘোষণা কৰিছিল৷

You might also like