নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২–৩ মে’লৈ ক’ভিড পৰিস্থিতিক লৈ অসমত নহয় কোনো অসুবিধা

  • ২ মে’লৈ নাটনি নহয় ভেকচিনৰ
  • এসপ্তাহৰ বাবে মজুত আছে ৰেমডেচিভিৰ ইনজেকচন
  • ১০ মে’লৈকে মজুত আছে অক্সিজেন
  • ৭ দিনলৈ নাটনি নহয় ক’ভিড বিছনা

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ সমগ্র দেশৰ লগতে অসমতো ক্রমবর্ধমান ক’ভিড সংক্রমণক লৈ জনসাধাৰণ সন্ত্রস্ত হৈ পৰাৰ সময়তে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অহা ২–৩ মে’ পর্যন্ত অসমত ক’ভিড পৰিস্থিতি নিয়ন্ত্রণত কোনো অসুবিধা নহয় বুলি মন্তব্য কৰে৷

শনিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই ৰাজ্যবাসীক আশ্বস্ত কয় যে ক’ভিড ভেকচিনৰ যাতে নাটনি নহয়, তাৰ বাবে অসম চৰকাৰে ভাৰত চৰকাৰৰ পৰা অতিৰিক্ত ক’ভিড ভেকচিন বিচাৰিছে৷ বর্তমান ৰাজ্য চৰকাৰৰ হাতত ২ লাখ ৬ হাজাৰ ভেকচিন আছে৷ আজি ভাৰত চৰকাৰে ২ লাখ ক’ভিশ্বিল্ড ভেকচিন পঠিয়াইছে৷ অহা ২৬–২৭ এপ্রিলৰ ভিতৰত আৰু তিনি লাখ ভেকচিন পোৱাৰ আশা কৰা হৈছে৷ এই সকলোখিনি মিলি অহা ২ মে’লৈ ভেকচিনৰ কোনো নাটনি নহয়৷ কাৰণ প্রতিদিনে ৬০ হাজাৰৰ পৰা ৭০ হাজাৰহে ভেকচিন প্রদান কৰিব পাৰে৷

ৰেমডেচিভিৰ ইনজেকচনৰ ক্ষেত্রতো এসপ্তাহৰ বাবে কোনো অসুবিধা নাই বুলি জানিবলৈ দি তেওঁ কয় যে আজি মুম্বাইৰ পৰা দুহেজাৰ ৰেমডেচিভিৰ ইনজেকচন গধূলিলৈ আহি পাব৷ বর্তমান স্বাস্থ্য বিভাগৰ হাতত ১২ৰ পৰা ১৩ হাজাৰ ৰেমডেচিভিৰ ইনজেকচন মজুত আছে৷ সেয়ে এসপ্তাহলৈ ৰেমডেচিভিৰ ইনজেকচনৰো কোনো নাটনি নহয়৷

অক্সিজেনৰ প্রসংগত তেওঁ কয় যে বর্তমান অসমত স্বাস্থ্য বিভাগে ৮টা মিনি অক্সিজেন প্লাণ্ট স্থাপন কৰিছে৷ তাৰ পৰা নিয়মিত অক্সিজেন উৎপাদন হৈ আছে৷ তদুপৰি লোকনির্মাণ বিভাগ, জি এম চি এইচ আৰু স্বাস্থ্য বিভাগে মিলি ১০ৰ পৰা ১৫টা মিনি অক্সিজেন প্লাণ্ট কৰিব বিচাৰিছে৷ অহা দুই দিনৰ ভিতৰত এই প্লাণ্টৰ অগ্রগতিৰ বিষয়ে জনাব পৰা যাব৷

এই প্রসংগতে তেওঁ কয় যে অহা ১০ মে’লৈ অক্সিজেনক লৈয়ো ৰাজ্যখনত কোনো নাটনি নহয়৷ মুঠ উৎপাদিত ৫৫০ মেট্রিকটন অক্সিজেনৰ বিপৰীতে প্রতিদিনে ৩০ৰ পৰা ২৮ মেট্রিকটন অক্সিজেনহে খৰচ হৈ আছে৷ সেইদৰে এসপ্তাহলৈ ৰাজ্যখনত ক’ভিড ৰোগীৰ বাবেও বিছনাৰ কোনো অভাৱ নহয় বুলি জানিবলৈ দি তেওঁ কয় যে কাইলৈৰ পৰা সৰুসজাইত ৪০০ আৰু কাঁহিকুছিত ২৫০খন বিছনা মুকলি হ’ব৷ সেই অনুসৰি কাইলৈৰ পৰা অতিৰিক্ত ৬৫০খন বিছনা লাভ কৰিব পৰা যাব৷ তদুপৰি প্রতিদিনে যথেষ্টসংখ্যক বিছনাও খালী হৈ আছে৷

আনকি আইচিইউ বিছনাৰো অভাৱ হোৱা নাই৷ নিশা ১২ বজাত অহা ৰোগীকো আইচিইউৰ বিছনাত ৰাখিব পৰা গৈছে৷ সেয়ে অহা ২–৩ মে’লৈ বিছনাক লৈয়ো কোনো অসুবিধা নহ’ব বুলি আশা প্রকাশ কৰি মন্ত্রী ড০ শর্মাই কয় যে এসপ্তাহৰ পিছত নতুন বিছনাৰ বাবে ব্যৱস্থা গ্রহণ কৰা হ’ব৷

ইপিনে, প্রত্যেকজন ক’ভিড ৰোগীক প্রতিদিনে পুৱাৰ আহাৰ, দুপৰীয়াৰ খাদ্য, বিয়লি চাহ, নিশাৰ খাদ্য আৰু এক লিটাৰ পানী যোগানৰ বাবে ৩০০ টকাকৈ ধার্য কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে জিলা উপায়ুক্তসকলক এই পুঁজি যোগান ধৰা হ’ব৷

তদুপৰি প্রতিটো ক’ভিড কেয়াৰ চেণ্টাৰৰ সন্মুখত থকা কেণ্টিনৰ পৰা ৰোগীসকলে নিজ ইচ্ছানুসৰি খাদ্য বস্তু ক্রয় কৰিব পাৰিব৷ চিকিৎসা কর্মীসকলক সেই তিনিশ টকা পোনপটীয়াকৈ দিয়া হ’ব যাতে তেওঁলোকে ইচ্ছা কৰিলে বাহিৰত খাদ্য গ্রহণ কৰিব পাৰে৷

আনহাতে, বহিঃৰাজ্যৰ পৰা অহা লোকসকলে যাতে কঠোৰভাৱে হোম কোৱাৰেণ্টাইনৰ নীতি পালন কৰে তাৰ প্রতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে গাঁৱে গাঁৱে কমিটী গঠনৰ ব্যৱস্থা কৰিছে৷ গাঁওবুঢ়া, পঞ্চায়ত প্রতিনিধি, যুৱক সংঘৰ প্রতিনিধিক লৈ সেই কমিটী গঠন হ’ব৷ জিলা উপায়ুক্তই তিনি দিনৰ ভিতৰত সেই কমিটী গঠন কৰি দিব আৰু উক্ত কমিটীয়ে ৭ দিন হোম কোৱাৰেণ্টাইনত থকাসকলক কঠোৰভাৱে পর্যবেক্ষণ কৰিব৷

এই সম্পর্কত তেওঁ কয় যে বহিঃৰাজ্যৰ পৰা অহা লোকসকলক স্বাস্থ্য বিভাগে হাতত ষ্টাম্প মাৰি হোম কোৱাৰেণ্টাইনত পঠিয়ায় যদিও বহুতেই হাত দীঘল চোলা পিন্ধি সেই ষ্টাম্প লুকুৱাই ঘূৰি ফুৰে৷ সেয়ে গাঁৱে গাঁৱে, ফ্লেটে ফ্লেটে নিৰীক্ষণ কমিটী গঠনৰ সিদ্ধান্ত লৈছে৷ এই সম্পর্কত শনিবাৰে স্বাস্থ্য বিভাগে খাদ্য বাবদ ৩০০ টকা প্রদান আৰু হোম কোৱাৰেণ্টাইন নিৰীক্ষণৰ বাবে কমিটী গঠনৰ বিষয়ে সুকীয়া সুকীয়া এছ অ’ পি প্রকাশ কৰিছে৷

You might also like