নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্সফ’ৰ্ডৰ বহুপ্রত্যাশিত ক’ৰোনা ভেকচিনৰ চূড়ান্ত পর্যায়ৰ পৰীক্ষা স্থগিত

ভকচিন লোৱাৰ পাছতে স্বেচ্ছাসেৱকৰ ৰাজহাড়ত সংক্রমণঃ ভাৰততো বন্ধ পৰীক্ষা

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ  ক’ৰোনা ভাইৰাছৰ ভেক্চিনলৈ আশাৰে অপেক্ষা কৰা বিশ্ববাসীক অনিশ্চয়তাত পেলাই অক্সফ’ৰ্ড ইউনিভার্ছিটী আৰু অগ্রণী ঔষধ প্রস্তুতকাৰক প্রতিষ্ঠান এষ্ট্রা–জেনেকাই তেওঁলোকৰ দ্বাৰা চলাই থকা ভেক্চিনৰ পৰীক্ষা অনির্দিষ্টকাললৈ স্থগিত ৰাখিছে৷ পৰীক্ষামূলক প্রয়োগৰ তৃতীয় তথা অন্তিম পর্যায়ত ভেক্চিন লোৱা এজন স্বেচ্ছাসেৱক গুৰুতৰভাৱে অসুস্থ হৈ পৰাৰ পাছতে এষ্ট্রা–জেনেকাই এই সিদ্ধান্ত ল’বলগীয়া হয়৷ উল্লেখ্য যে যিকেইটা ভেক্চিন প্রস্তুতৰ কাম অন্তিম পর্যায়ত আছে আৰু সমগ্র বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে, তাৰ ভিতৰত অন্যতম হ’ল অক্সফ’ডৰ গৱেষকৰ সহযোগত এষ্ট্রা–জেনেকাই প্রস্তুত কৰি থকা এই ভেক্চিন৷ প্রথম আৰু দ্বিতীয় পর্যায়ত সফল পৰীক্ষণৰ পাছত কম সময়ৰ ভিতৰতে এই ভেক্চিন বজাৰত উপলব্ধ হ’ব বুলি আশা কৰা হৈছিল৷ কিন্তু তৃতীয় পর্যায়ৰ পৰীক্ষা স্থগিত ৰখাৰ ফলত ভেক্চিন প্রস্তুতৰ গোটেই প্রক্রিয়াটোত বিলম্ব হোৱাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ তদুপৰি অন্যান্য প্রতিষ্ঠানৰ ভেক্চিনৰ ক্ষেত্রতো অতিৰিক্ত সাৱধানতা অৱলম্বনৰ প্রয়োজনীয়তা আহি পৰাৰ পৰিপ্রেক্ষিতত ভেক্চিন প্রস্তুতৰ সামগ্রিক প্রক্রিয়াটোতে প্রভাৱ পৰাৰ সম্ভাৱনা আছে৷ নিউয়র্ক টাইমছত প্রকাশিত বাতৰি মতে, অক্সফ’ৰ্ড–এষ্ট্রা–জেনেকাৰ ভেক্চিন প্রয়োগ কৰা এজন স্বেচ্ছাসেৱক ট্রেন্সভার্ছ মাইলিটিছ নামৰ এক জটিল ৰোগত আক্রান্ত হৈছে৷ ভাইৰেল সংক্রমণৰ এই ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা থাকে৷ এই সংক্রমণত পোনপটীয়া প্রভাৱ পৰে ৰাজহাড়ত৷ অক্সফ’ডৰ গৱেষকসকলে সম্প্রতি এই সন্দর্ভত পৰীক্ষা–নিৰীক্ষা চলাই আছে৷ ভেক্চিনৰ পার্শ্বক্রিয়াৰ ফলতে স্বেচ্ছাসেৱকজন এই ৰোগত আক্রান্ত হৈছে নেকি, তাক নিশ্চিত কৰাৰ বাবে অধিক পৰীক্ষাৰ প্রয়োজন আছে বুলি তেওঁলোকে জনাইছে৷ অৱশ্যে ইয়াক নিশ্চিত কৰিবলৈ স্বতন্ত্র তদন্তৰ প্রয়োজন হ’ব৷ যিহেতু অসুস্থ স্বেচ্ছাসেৱকজন ব্রিটেইনৰ, সেয়ে ব্রিটিছ চৰকাৰৰ স্বাস্থ্য বিভাগে এইক্ষেত্রত অনতিবিলম্বে ব্যৱস্থা গ্রহণ কৰাৰ সম্ভাৱনা আছে৷ এনে পৰিস্থিতিত স্বাভাৱিকতে সমগ্র প্রক্রিয়া পুনৰ আৰম্ভ কৰিবলৈ যথেষ্ট সময়ৰ প্রয়োজন হ’ব৷ এষ্ট্রা–জেনেকাই এক বিবৃতিত প্রকাশ কৰা মতে, এয়া হ’ল এক নিয়মিত প্রক্রিয়া আৰু স্বেচ্ছাসেৱকজনৰ ৰোগৰ কাৰণ এতিয়াও নিশ্চিতভাৱে চিনাক্ত হোৱা নাই৷ কিন্তু প্রথম দৃষ্টিত এই ঘটনা অত্যন্ত উদ্বেগজনক বুলি চিকিৎসা মহলত আলোচনা হৈছে৷ কিয়নো যিকোনো এটা ভেক্চিন গণটিকাকৰণৰ বাবে অনুমতি দিয়াৰ বাবে ইয়াৰ কার্যকাৰিতাৰ লগতে নিৰাপত্তাৰ দিশ নিশ্চিত কৰাটো বাধ্যতামূলক৷ সেয়ে এনেধৰণৰ পার্শ্বক্রিয়া যদি নিশ্চিত হয়, তেন্তে অক্সফ’ৰ্ৰডৰ ক’ৰোনা ভেক্চিন গৱেষণাৰ গোটেই প্রক্রিয়াটো নতুনকৈ আৰম্ভ কৰিবলগীয়া হ’ব পাৰে৷ উল্লেখ্য যে তৃতীয় পর্যায়ৰ পৰীক্ষাত আমেৰিকা, ব্রিটেইন, ব্রাজিল আৰু দক্ষিণ আফ্রিকাৰ ৩০ হাজাৰ স্বেচ্ছাসেৱকে অংশগ্রহণ কৰিছিল৷ ইয়াৰ পূর্বে যোৱা এপ্রিলত ইয়াৰ প্রথম পৰীক্ষা সম্পন্ন হৈছিল আৰু দ্বিতীয় পর্যায়তো কেইবাহাজাৰো স্বেচ্ছাসেৱকক এই ভেক্চিন প্রদান কৰা হৈছিল৷ উল্লেখ্য যে ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধ কৰাটো এতিয়াও সম্ভৱ হৈ উঠা নাই৷ এইপর্যন্ত প্রায় ২৮ নিযুত ব্যক্তি এই ৰোগত আক্রান্ত হৈছে আৰু প্রায় ৯ লাখ লোকৰ মৃত্যু ঘটিছে৷ সেয়ে ভেক্চিন প্রস্তুতকৰণৰ অগ্রগতি সন্দর্ভত সমগ্র বিশ্বই দৃষ্টি নিবদ্ধ কৰি ৰাখিছে৷ অক্সফ’ৰ্ডৰ এই ভেক্চিনে যিহেতু আটাইতকৈ বেছি আশাৰ সঞ্চাৰ ঘটাইছিল, সেয়ে শেহতীয়া এই ঘটনা অত্যন্ত দুর্ভাগ্যজনক বুলি অভিহিত হৈছে৷ ইপিনে এই বাতৰিৰ প্রভাৱ পৰিছে শ্বেয়াৰ বজাৰতো৷ এষ্ট্রা–জেনেকাৰ শ্বেয়াৰ দ্রুতগতিত পতন হোৱাৰ বিপৰীতে ক’ৰোনা ভেক্চিনৰ দৌৰত আগবাঢ়ি থকা আন এটা প্রতিষ্ঠান মডার্না ইন কর্প’ৰেচনৰ শ্বেয়াৰ ঊর্ধ্বমুখী হৈছে৷
ভাৰতলৈ প্রস্তাৱ ৰাছিয়াৰ
অক্সফ’ডৰ ভেক্চিনৰ পৰীক্ষামূলক প্রয়োগ ভাৰততো স্থগিত ৰখা হৈছে৷ যোৱা সপ্তাহতে ভাৰতত এই ভেক্চিনৰ সকলো পৰীক্ষা স্থগিত ৰখা হয়৷ ইয়াৰ মাজতে ৰাছিয়াত প্রস্তুত কৰি থকা ক’ৰোনা ভাইৰাছৰ ভেক্চিন স্পুটনিক–ভি ভাৰততো প্রস্তুত কৰাৰ বাবে মস্কোৱে প্রস্তাৱ দিছে নতুন দিল্লীক৷ শীঘ্রে নতুন দিল্লীয়ে এই সন্দর্ভত নিজৰ সিদ্ধান্ত জনাব৷ ৰাছিয়াই তেওঁলোকৰ এই ভেক্চিন ভাৰতত পৰীক্ষামূলক প্রয়োগৰ বাবেও প্রস্তাৱ আগবঢ়াইছে৷ নতুন দিল্লীয়ে যদি এই প্রস্তাৱ মানি লয়, তেন্তে অক্সফ’ডৰ পাছতে দ্বিতীয়টো বিদেশী প্রতিষেধকৰ পৰীক্ষামূলক প্রয়োগ হ’ব ভাৰতত৷

You might also like