নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰীৰ মুখত কাশ্মীৰ ফাইলছৰ প্ৰশংসা

বিশেষ বাৰ্তা, ১৫ মাৰ্চঃ বহুচৰ্চিত The Kashmir Files নামৰ ছবিখনক লৈ এতিয়া কেৱল ছবিপ্ৰেমীয়ে নহয়, দেশৰ ৰাজনীতিকসকলো উত্ৰাৱল। কাশ্মীৰী পণ্ডিতক লৈ নিৰ্মাণ কৰা পৰিচালক বিবেক অগ্নিহোত্ৰীৰ ছবিখনত মতামত ব্যক্ত নকৰাকৈ নোৱাৰিলে খোদ দেশৰ প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ ক’লে- এনেকুৱা ছবিবোৰে সত্যৰ উন্মোচন কৰে। সেয়ে কিছুমানে তেনে ছবিবোৰক বদনাম কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। দিল্লীত বিজেপিৰ সংসদীয় বৈঠকত মোদীয়ে ছবিখনৰ প্ৰশংসা কৰি কয় যে- বাক স্বাধীনতাৰ কথা আওঁৰাই থকা সেই সকল লোকে যোৱা ৫-৬ দিনৰ পৰা ভয়ত আছে। যুক্তিৰে ছবিখনৰ সমালোচনা কৰিব নোৱাৰি ছবিখনক বদনাম কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে। উল্লেখনীয় যে, বহুকেইখন ৰাজ্যত এতিয়া ছবিখনৰ টেক্স উঠাই দিয়া হৈছে। তদুপৰি, কেবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ছবিখন উপভোগ কৰিবলৈ হললৈ গৈছে।

You might also like