নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেন্সনৰ বাবে আবেদন প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ৰাজস্থান বিধানসভাৰ প্ৰাক্তন বিধায়ক হিচাপে পেন্সনৰ বাবে আবেদন কৰিছে। তেওঁ বিধানসভাৰ অধ্যক্ষ বাসুদেৱ দেবনানীৰ ওচৰলৈ এই আবেদন পঠিয়াইছে। অধ্যক্ষ দেবনানীয়ে এই আবেদন পোৱাৰ কথা নিশ্চিত কৰিছে। তেওঁ কৈছে যে নিয়ম অনুসৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব আৰু বিধানসভাক এই বিষয়ে জনোৱা হ’ব।

জগদীপ ধনখড় ১৯৯৩ চনত অজমেৰ জিলাৰ কিশনগড় বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত বিধায়ক নিৰ্বাচিত হৈছিল। তেওঁ ৰাজস্থানৰ দশম বিধানসভাৰ সদস্য আছিল। ১৯৯৪ৰ পৰা ১৯৯৭ চনলৈ তেওঁ বিধানসভাৰ নিয়ম সমিতিৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

ৰাজস্থানত প্ৰাক্তন বিধায়কসকলক মাহিলি ৩৫,০০০ টকা পেন্সন প্ৰদান কৰা হয়। ৭০ বছৰৰ ওপৰৰ প্ৰাক্তন বিধায়কসকলৰ বাবে ২০ শতাংশ অধিক পেন্সনৰ ব্যৱস্থা আছে। জগদীপ ধনখড়ৰ বয়স ৭৪ বছৰ হোৱাৰ বাবে তেওঁ এতিয়া মাহিলি ৪২,০০০ টকা পেন্সন লাভ কৰিব। ইয়াৰ উপৰি তেওঁ বাছ ভ্ৰমণ, চিকিৎসা আৰু চৰকাৰী গেষ্ট হাউছত কম খৰচত থকাৰ সুবিধাও পাব।

পশ্চিম বংগৰ ৰাজ্যপাল হোৱাৰ পূৰ্বে জগদীপ ধনখড় ১৯৮৯ৰ পৰা ১৯৯১ চনলৈ ৰাজস্থানৰ ঝুঞ্ঝনু সমষ্টিৰ পৰা লোকসভাৰ সাংসদ আছিল। চন্দ্ৰশেখৰৰ চৰকাৰৰ সময়ত তেওঁ কেন্দ্ৰীয় সংসদীয় কাৰ্য মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰিছিল। ২০১৯ৰ পৰা ২০২২ চনলৈ তেওঁ পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, আৰু এই সময়ছোৱাত তেওঁৰ সৈতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে ৰাজভৱনৰ সম্পৰ্কত সংঘাতৰ খবৰ প্ৰায়ে প্ৰকাশ পাইছিল। জগদীপ ধনখড় ২০২২ৰ পৰা ২০২৫ চনলৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

Niyomiya Barta Desk, 30 August

You might also like