নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রামীণ ভাৰতত প্রতিটো পৰিয়ালে বছৰি লাভান্বিত হৈছে ৫৩ হাজাৰ টকাকৈ

ছায়েঞ্চ ডাইৰেক্ট জার্নেল অৱ গ্ল’বেল ইনফ’ৰমেচন এনালাইটিক ‘এলজভিয়াৰ’ৰ তথ্য

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ  মোদী চৰকাৰৰ ধ্বজাবাহী ‘স্বচ্ছ ভাৰত অভিযান’–এ বিশ্বব্যাপী ভূয়সী প্রশংসা লাভ কৰিছে৷ এই স্বচ্ছ ভাৰত অভিযানত দেশৰ গ্রামাঞ্চলৰ প্রতিটো পৰিয়ালে বছৰে ৫৩ হাজাৰ টকা লাভান্বিত হোৱাৰ তথ্য প্রকাশ পাইছে৷

আন্তর্জাতিক সংস্থা এটাই চলোৱা অধ্যয়নত গ্রামীণ ভাৰতৰ প্রতিটো পৰিয়ালে বার্ষিক ৫৩ হাজাৰ টকা লাভান্বিত হোৱাৰ তথ্য ছায়েঞ্চ ডাইৰেক্ট জার্নেল অৱ গ্ল’বেল ইনফ’ৰমেচন এনালাইটিক ‘এলজভিয়াৰ’ত প্রকাশ পাইছে৷ অধ্যয়নৰ প্রতিবেদন মতে, স্বচ্ছ ভাৰত অভিযানৰ ফলত গ্রামীণ ভাৰতত ডায়েৰীয়াৰ ঘটনা হ্রাস পাইছে, ইয়াৰ লগতে অনাময়ত লোকসকলে সময় বচাবলৈ সক্ষম হৈছে৷ ‘স্বচ্ছ ভাৰত অভিযান–গ্রামীণ’ শীর্ষক প্রতিবেদনত দেশৰ প্রতিটো পৰিয়ালৰ বিত্তীয় আৰু সামাজিক স্থিতিৰ তথ্য উল্লেখ কৰা হৈছে৷ মোদী চৰকাৰৰ ধ্বজাবাহী আঁচনি স্বচ্ছ ভাৰতক লৈ প্রথমবাৰৰ বাবে অর্থনৈতিক বিশ্লেষণ অধ্যয়ন কৰা হৈছে৷

প্রতিবেদন মতে, দেশৰ ৬৯.৫ শতাংশ পৰিয়ালে সমর্থন হিচাপে গড়ে ১৩ হাজাৰ টকাকৈ ৰাজসাহায্য লাভ কৰিছে৷ ২০১৭ চনৰ ২০ জুলাইৰ পৰা ১১ আগষ্টলৈ দেশৰ ১২খন ৰাজ্যত দহ সহস্রাধিক গ্রামীণ পৰিয়ালক এই অধ্যয়নত অন্তর্ভুক্ত কৰা হৈছে৷ বিহাৰ, উত্তৰ প্রদেশ, ঝাৰখণ্ড, অন্ধ্রপ্রদেশকে ধৰি দহখন ৰাজ্যত দহ সহস্রাধিক পৰিয়ালক সাঙুৰি লোৱা এই অধ্যয়নৰ তথ্য মতে, দেশৰ প্রতিটো পৰিয়ালৰ ১০ বছৰৰ ব্যয়ৰ তুলনাত বিত্তীয় পৰিশোধ ১.৭ গুণ হৈছে আৰু সামাজিক পৰিশোধ ১০ বছৰৰ ব্যয়ৰ তুলনাত ৪.৩ গুণ হৈছে৷

তাৎপর্যপূর্ণ যে অতিকৈ দুখীয়া পৰিয়ালৰ ক্ষেত্রতো বিত্তীয় পৰিশোধ ২.৬ গুণ আৰু সামাজিক পৰিশোধ ৫.৭ গুণ হৈছে৷ উল্লেখ্য যে স্বচ্ছ ভাৰত অভিযান ২০১৪ চনৰ ২ অক্টোবৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মুকলি কৰিছিল৷ দেশক মুকলি ঠাইত শৌচ–মল ত্যাগ কৰা মুক্ত হিচাপে গঢ়ি তোলাৰ বাবে এই আঁচনি গ্রহণ কৰা হৈছে৷

You might also like