নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ সংকটৰ মাজতে আফ্রিকাত ইব’লাৰ আতংক

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ বিশ্বজুৰি ক’ৰোনা মহামাৰীৰ সংকট অব্যাহত থকাৰ সময়তে পশ্চিম আফ্রিকাৰ গিনিৰ পৰা বিভিন্ন দেশলৈ মাৰাত্মক মহামাৰী ইব’লাৰ পুনৰ বিস্তাৰ ঘটিবলৈ লৈছে৷ লগে লগে পশ্চিম আফ্রিকাৰ কেইবাখনো দেশত সৃষ্টি হৈছে আতংক৷ শেহতীয়াকৈ গিনিত কেইবাগৰাকীও লোক নতুনকৈ ইব’লাত আক্রান্ত হৈছে৷ এই মহামাৰীৰ সংক্রমণ ঘটাৰ লগে লগে বিশ্ব স্বাস্থ্য সংস্থা(হু)ও উদ্বিগ্ণ হৈ পৰিছে৷ ‘হু’ৰ আফ্রিকা অঞ্চলৰ সঞ্চালকৰ দায়িত্ব থকা ডাঃ মাটশ্বিডিছো ম’ৱেটিয়ে উল্লেখ কৰিছে যে জেনেভাত ইব’লাৰ ভেকচিন প্রস্তুত কৰা হৈছে৷ আগন্তুক এটা সপ্তাহৰ ভিতৰত গিনিয়ে ১১ হাজাৰ ইব’লাৰ ভেকচিন ড’জ লাভ কৰিব বুলি সঞ্চালকগৰাকীয়ে উল্লেখ কৰিছে যদিও শেহতীয়াকৈ দেশখনত মাৰাত্মক মহামাৰীৰ সংক্রমণে আফ্রিকাৰ বাবে নতুন প্রত্যাহ্বান সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰিছে৷ জেনেভাৰ পৰা ১১ হাজাৰ ড’জ ইব’লা ভেকচিন গিনিলৈ প্রেৰণ কৰাৰ উপৰি অতিৰিক্ত ৮,৬০০ ড’জ আমেৰিকাৰ পৰা আফ্রিকান দেশখনলৈ প্রেৰণ কৰা হ’ব বুলি ঘোষণা কৰিছে সঞ্চালক ম’ৱেটিয়ে৷ বিগত কেইটামান সপ্তাহত গিনি আৰু কংগোত নতুনকৈ ইব’লাৰ সংক্রমণ ঘটাৰ লগে লগে পশ্চিম আফ্রিকাৰ ছখন দেশত জাৰি কৰা হৈছে স্বাস্থ্য সতর্ক বার্তা৷ বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা উল্লেখ কৰা হৈছে যে ক’ৰোনাৰ সংকটৰ মাজতেই আফ্রিকাত ইব’লাই সৃষ্টি কৰিব পাৰে ভয়াৱহ পৰিস্থিতি৷

You might also like