নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০ বা তাতকৈ অধিক ক’ৰোনা আক্ৰান্ত হোৱা জিলাত বন্ধ ঘোষণা প্রাথমিক বিদ্যালয়

  • লকডাউন–সান্ধ্য আইনৰ পৰিকল্পনা নাই
  • উপায়ুক্তসকললৈ শিক্ষা বিভাগৰ পত্র
  • মাৰাত্মক ভাইৰাছত ১০০জন আক্রান্ত জিলাত প্রথমৰ পৰা পঞ্চম শ্রেণীলৈ পাঠদান স্থগিত ৰখাৰ সিদ্ধান্ত
  • ৪৫ বছৰ ঊর্ধ্বৰ শিক্ষক–কর্মচাৰীক দিয়া হ’ব ভেকচিন
  • গুৱাহাটী–ডিব্রুগড়–ত্ ৰঙালী বিহুৰ অনুষ্ঠান আয়োজন নকৰাৰ আহ্বান ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা, ১৮এপ্ৰিলঃ প্রাণঘাতী ক’ৰোনা ভাইৰাছৰ দ্বিতীয় জোৱাৰে ক্রমাৎ জটিল ৰূপ লৈছে ৰাজ্যত৷ প্রতিদিনে ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধিক লৈ উদ্বিগ্ন ৰাজ্য চৰকাৰে অৱশেষত প্রাথমিক বিদ্যালয়ৰ পাঠদান বন্ধ ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ সেই অনুসৰি যিবোৰ জিলাত ১০০ বা তাতকৈ অধিক লোক মাৰাত্মক ভাইৰাছত আক্রান্ত হৈছে, সেই জিলাসমূহত প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈ পাঠদান স্থগিত ৰাখিবলৈ নির্দেশ দিয়া হৈছে৷

স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যায় হাস্পতালত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা ঘোষণা কৰি কয়– যোৱা তিনি এপ্রিলৰ পৰা ক’ৰোনা আক্রান্তৰ সংখ্যা ৰাজ্যত ক্রমাগতভাৱে বৃদ্ধি পাই আহিছে৷ বিশেষকৈ ১০ এপ্রিলৰ পৰা ১৬ এপ্রিললৈ ক’ৰোনা আক্রান্তৰ সংখ্যা পাঁচ শতাধিকলৈ বৃদ্ধি পাইছে৷ এনে পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখিয়েই শিক্ষা বিভাগে প্রতিখন জিলাৰ উপাযুক্তক প্রাথমিক বিদ্যালয়ৰ পাঠদান বন্ধ ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিবলৈ পত্রযোগে নির্দেশ দিছে৷

সেইমর্মে যিসমূহ জিলাত আক্রান্তৰ সংখ্যা ১০০তকৈ অধিক হৈছে, তেনে জিলাসমূহত সোমবাৰৰ পৰা প্রাথমিক বিদ্যালয়ৰ পাঠদান বন্ধ থাকিব৷ এইপর্যন্ত কামৰূপ (মহানগৰ), ডিব্রুগড়, কামৰূপ, নগাঁও, যোৰহাট, তিনিচুকীয়া, কাছাৰ আৰু শোণিতপুৰ জিলাত ১০০তকৈ অধিক লোক ক’ৰোনাত আক্রান্ত হৈছে৷ সেয়েহে এই জিলাসমূহত প্রাথমিক বিদ্যালয়ৰ পাঠদান বন্ধ ৰখা হ’ব৷ মুখ্যতঃ কণ কণ ছাত্র–ছাত্রীসকলৰ সুৰক্ষাৰ দিশটোৰ প্রতি লক্ষ্য ৰাখি জিলা উপায়ুক্তক সিদ্ধান্ত গ্রহণৰ বাবে নির্দেশ দিয়া হৈছে৷

স্বাস্থ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি এতিয়াৰে পৰা যিখন জিলাত আক্রান্তৰ সংখ্যা ১০০ অতিক্রম কৰিব, সেই জিলাখনতেই প্রাথমিক বিদ্যালয়ৰ পাঠদান সম্পূর্ণৰূপে বন্ধ ৰখা হ’ব৷ উল্লেখ্য যে কামৰূপ (মহানগৰ) জিলাত শুকুৰবাৰলৈ ১,৮৬০গৰাকী, ডিব্রুগড় জিলাত ৩২৩গৰাকী, কামৰূপ জিলাত ২৮৫, নগাঁও জিলাত ১৪৬গৰাকী, যোৰহাট জিলাত ১৩৩গৰাকী, তিনিচুকীয়া জিলাত ১৩১গৰাকী, কাছাৰ জিলাত ১২০গৰাকী আৰু শোণিতপুৰ জিলাত ১১৯গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷

জিলাকেইখনৰ শেহতীয়া পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখিয়েই প্রাথমিক বিদ্যালয়ৰ পাঠদান বন্ধ ৰখাৰ সিদ্ধান্ত লয় শিক্ষা বিভাগে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি আজিৰ পৰা জিলা উপায়ুক্তই এই সন্দর্ভত নির্দেশনা জাৰি কৰিব যদিও অহা সোমবাৰৰ পৰাহে ইয়াক কার্যকৰী কৰা হ’ব৷

You might also like