নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্রক্রিয়া আৰম্ভ কৰিলে নির্বাচন আয়োগে

দিল্লীত কেন্দ্রীয় গৃহ সচিব অজয় ভাল্লাৰ সৈতে নির্বচন আয়োগৰ বৈঠক

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ অহা তিনি মাহৰ ভিতৰত অনুষ্ঠিত হ’ব অসমকে ধৰি ৫ ৰাজ্যৰ বিধানসভা নির্বাচন৷ আজিৰে পৰা আনুষ্ঠানিকভাৱে নির্বাচনী প্রক্রিয়া আৰম্ভ কৰিলে নির্বাচন আয়োগে৷ নির্বাচনৰ কালছোৱাত নিৰাপত্তাজনিত বিষয়ত আলোচনাৰ বাবে আয়োগৰ এক বিশেষ প্রতিনিধি দলে কেন্দ্রীয় গৃহ সচিব অজয় ভাল্লাৰ সৈতে বৈঠকত মিলিত হয়৷ দিল্লীস্থ নির্বাচন আয়োগৰ কার্যালয়ত অনুষ্ঠিত এই বৈঠকত মুখ্য নির্বাচন আয়ুক্ত সুনীল অৰোৰাৰ লগতে নির্বাচন আয়ুক্ত সুশীল চন্দ্রা আৰু ৰাজীৱ কুমাৰেও অংশগ্রহণ কৰে৷ উল্লেখ্য যে অসমৰ লগতে পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীতো একে সময়তে নির্বাচন অনুষ্ঠিত হোৱাৰ কথা৷ সেয়েহে অসমৰ লগতে আন চাৰিখন ৰাজ্যৰ নির্বাচনী বিষয়তো কেন্দ্রীয় গৃহ সচিবৰ সৈতে আয়োগ আলোচনাত মিলিত হোৱা বুলি এক প্রেছ বিজ্ঞপ্তিযোগে প্রকাশ কৰা হৈছে৷ বিজ্ঞপ্তিখনৰ মতে সুস্থ নির্বাচনৰ বাবে পর্যাপ্ত নিৰাপত্তা বাহিনীৰ প্রয়োজন আছে৷ এইক্ষেত্রত নির্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহত কেন্দ্রীয় সশস্ত্র অর্ধসামৰিকবাহিনী মোতায়েন কৰিব বিচাৰিছে নির্বাচন আয়োগে৷ ইতিমধ্যে সংশ্লিষ্ট ৰাজ্য চৰকাৰলৈ নির্বাচন আয়োগৰ তৰফৰ পৰা এলানি নির্দেশাৱলীও প্রেৰণ কৰা হৈছে৷ মূলতঃ নির্বাচনী কাম–কাজত নিয়োগ কৰিবলগীয়া বিষয়া–কর্মচাৰীসক লৈ আয়োগে ডিচেম্বৰ মাহতেই নির্দেশনাৱলী জাৰি কৰিছে৷ ইপিনে, আজি জাৰি কৰা প্রেছ বিজ্ঞপ্তিত কোৱা হৈছে নির্বাচনী প্রক্রিয়াৰ সৈতে বহুতো বিষয় জডিত হৈ আছে৷ এইক্ষেত্রত কেন্দ্রীয় গৃহ বিভাগৰ সহায়–সহযোগিতাৰ প্রয়োজন আছে৷ মূলতঃ নির্বাচনকেন্দ্রিক নিৰাপত্তাজনিত বিষয়ৰ ওপৰতেই আজি কেন্দ্রীয় গৃহ সচিবৰ সৈতে আলোচনা হোৱা বুলি প্রেছ বিজ্ঞপ্তিখনত উল্লেখ কৰা হৈছে৷ ইয়াৰ মাজতেই নির্বাচন আয়োগৰ এটা প্রতিনিধি দলে এই মুহূর্তত অসম ভ্রমণ কৰি আছে৷ কালি প্রতিনিধি দলটোৱে ডিব্রুগড়ত উজনি অসম আৰু উত্তৰ অসমৰ ২০ নির্বাচনী জিলাৰ নির্বাচন বিষয়া, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, মাণ্ডলিক আয়ুক্ত, ডি আই জি, আই জি পিসকলৰ সৈতে আলোচনাত মিলিত হৈ নির্বাচনী প্রস্তাৱৰ বুজ লোৱাৰ লগতে সুস্থভাৱে নির্বাচন অনুষ্ঠিত কৰাৰ পৰামর্শ আগবঢ়ায়৷ প্রতিনিধি দলটো আজি গুৱাহাটীত উপস্থিত হৈ নামনি অসম, বৰাক উপত্যকাৰ নির্বাচনী বিষয়া, উপায়ুক্ত, আৰক্ষী অধীক্ষক, মাণ্ডলিক আয়ুক্ত, ডি আই জি, আই জি পিৰ লগতে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্রধানৰ সৈতে আন এখন বৈঠকত মিলিত হোৱাৰ কথা আছিল৷ কিন্তু প্রতিকূল বতৰৰ বাবে আজি ডিব্রুগড়ৰ পৰা গুৱাহাটী অভিমুখী বিমানৰ যাত্রা বাতিল হোৱাত নির্বাচন আয়োগৰ প্রতিনিধি দলটোৱে ডিব্রুগড়ৰ পৰাই ভিডি’ কনফাৰেঞ্চযোগে আজিৰ বৈঠকখন অনুষ্ঠিত কৰে৷

You might also like