নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয়লৈ অৱনমিত কোহলি

আই চি চি টেষ্ট ৰেংকিং

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে আই চি চি টেষ্ট ৰেংকিঙৰ বেটছমেন শাখাৰ দ্বিতীয় স্থানৰ পৰা অৱনমিত হৈছে৷ কোহলিক আঁতৰাই অষ্ট্রেলিয়াৰ তাৰকা বেটছমেন ষ্টিভেন স্মিথে দ্বিতীয় স্থানটো অধিকাৰ কৰিছে৷ সদ্যঘোষিত আই চি চি টেষ্ট ৰেংকিঙৰ বেটছমেন শাখাত স্মিথে ৯০০ পইণ্ট লাভ কৰি দ্বিতীয় স্থানটো দখল কৰে৷ নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনে শীর্ষস্থান দখল কৰি থকা বেটছমেন শাখাত ৮৭০ পইণ্টেৰে কোহলি তৃতীয় স্থানলৈ অৱনমিত হয়৷ ইফালে, সদ্যসমাপ্ত ছিডনী টেষ্টৰ দ্বিতীয় ইনিংছত অর্ধশতকীয় ইনিংছ খেলাৰ সুবাদত দুটা স্থান আগুৱাই শ্বেটেশ্বৰ পূজাৰা অষ্টম স্থানলৈ উন্নীত হোৱাৰ বিপৰীতে ভাৰতীয় দলটোৰ সহঃধিনায়ক আজিংক্য ৰাহানে এটা স্থান পিছুৱাই সপ্তম স্থানলৈ অৱনমিত হয়৷ অষ্ট্রেলিয়াৰ পেট কামিনছে শীর্ষস্থান দখল কৰি থকা বলিং শাখাত স্থানৰ অৱনমন ঘটিছে ভাৰতৰ অশ্বিন আৰু বুমৰাহৰ৷ অশ্বিন নৱমলৈ আৰু বুমৰাহ দশম স্থানলৈ অৱনমিত হয়৷ ইফালে, অলৰাউণ্ডাৰৰ তালিকাত দ্বিতীয় স্থানলৈ উন্নীত হৈছে ভাৰতৰ ৰবীন্দ্র জাদেজা৷

You might also like