নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইডেনৰ শপতগ্রহণৰ পূর্বে আমেৰিকাত সশস্ত্র বিক্ষোভৰ আশংকা

সাজু হৈছে ট্রাম্পৰ সমর্থকঃএফবিআইৰ সতর্কবাণ

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ আমেৰিকাত ডেম’ক্রেটিক নেতা জ’ বাইডেনে ৰাষ্ট্রপতিৰ দায়িত্ব গ্রহণ কৰাৰ পূর্বে দেশখনত ড’নাল্ড ট্রাম্পৰ সমর্থকে সশস্ত্র প্রতিবাদ সাব্যস্ত কৰিব পাৰে৷ মার্কিন নিৰাপত্তা বিষয়া একাংশই এই সতর্ক বাণী কৰিছে৷ ইতিমধ্যে চোৰাংচোৱা সংস্থা এফ বি আয়ে দেশখনৰ পঞ্চাশখন প্রদেশৰ প্রাদেশিক সংসদ বা কেপিটলৰ লগতে ৱাশ্বিংটন ডিচিতো কেইবাটাও সশস্ত্র গোটে ২০ জানুৱাৰীৰ পূর্বে প্রতিবাদ সাব্যস্ত কৰাৰ পৰিকল্পনা চলোৱা বুলি তথ্য লাভ কৰিছে৷ স্মর্তব্য যে ২০ জানুৱাৰীত আনুষ্ঠানিকভাৱে ৰাষ্ট্রপতিৰ দায়িত্ব গ্রহণ কৰিব জ’ বাইডেনে৷ বাইডেনৰ শপতগ্রহণ অনুষ্ঠানত যাতে কোনো ধৰণৰ প্রতিবাদ বা সংঘর্ষৰ সৃষ্টি নহয় এই বিষয়টোৰ প্রতি নজৰ ৰাখি ইতিমধ্যে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে৷ যোৱা সপ্তাহত বাইডেনক ছিনেট আৰু কংগ্রেছে আনুষ্ঠানিকভাৱে বিজয়ী ঘোষণা কৰাৰ সময়তে ট্রাম্পৰ সমর্থকে কেপিটল হিলত আক্রমণ কৰিছিল৷

You might also like