নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–বাংলাদেশ আৰক্ষীৰ বৈঠকত উত্থাপন জেহাদীৰ প্রসংগ

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ জেহাদী কার্যকলাপৰ প্রসংগ উত্থাপন হ’ল ভাৰত–বাংলাদেশৰ আৰক্ষীপ্রধানসকলৰ্ মাজত অনুষ্ঠিত হোৱা বৈঠকত৷ দুয়ো দেশৰ জেহাদী কার্যকলাপৰ তথ্য তাৎক্ষণিকভাৱে আদান–প্রদানৰ বাবে এক বিশেষ ব্যৱস্থাপনা গঢ়ি তোলাৰ এক গুৰুত্বপূর্ণ সিদ্ধান্ত এই বৈঠকত গ্রহণ কৰা হয়৷ ভিডিঅ’ কনফাৰেঞ্চৰ যোগেদি দুয়ো দেশৰ আৰক্ষীপ্রধানসকলৰ্ মাজত হোৱা প্রথমখন বৈঠকৰ পাছত ভাৰতৰ গৃহ মন্ত্রালয়ে প্রকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে নিৰাপত্তাজনিত তথা সন্ত্রাসবাদবিৰোধী ব্যৱস্থাপনা গঢ়ি তোলাৰ বাবে কেইবাটাও সুনির্দিষ্ট ‘নোডাল পয়েণ্ট’ গঢ়ি তোলা হ’ব৷ কোৱা হৈছে ‘ৰিয়েল টাইম’ত দুয়ো দেশে চোৰাংচোৱা তথ্য আদান–প্রদান কৰিব ‘নোডাল পয়েণ্ট’সমূহৰ জৰিয়তে৷

ইপিনে বিভাগীয় সূত্র মতে এই ভার্চুৱেল বৈঠকত অসম তথা উত্তৰ–পূর্বাঞ্চলৰ জেহাদী কার্যকলাপৰ আঁৰত বাংলাদেশৰ মৌলবাদী চক্র জডিত থকাৰ কথা উত্থাপিত হয়৷ এইক্ষেত্রত বাংলাদেশ আৰক্ষীৰ প্রতিনিধি দলটোৱে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ লগতে পশ্চিমবংগৰ জেহাদী কার্যকলাপ প্রতিৰোধ কৰাৰ ক্ষেত্রত সর্বতোপ্রকাৰে সহায়–সহযোগিতা আগবঢ়োৱাৰ প্রতিশ্রুতি প্রদান কৰে৷ একেদৰে আন্তর্জাতিক সন্ত্রাসবাদী সংগঠনসমূহৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখি এই সন্দর্ভত যিকোনো ধৰণৰ তথ্যপাতি তুৰন্তে দুয়ো দেশৰ আৰক্ষী বাহিনীয়ে তথ্য আদান–প্রদান কৰাৰ সহমতত উপনীত হয়৷ উত্তৰ–পূর্বাঞ্চলৰ উগ্রপন্থী দমনত বাংলাদেশ আৰক্ষীয়ে গ্রহণ কৰা ভূমিকাৰ ভূয়সী প্রশংসা কৰা হয়৷ ভাৰতৰ তৰফৰ পৰা ভাৰত–বাংলাদেশ সীমান্তত অপৰাধমূলক কার্যকলাপ নিয়ন্ত্রণৰ ক্ষেত্রত দুয়ো দেশৰ সীমান্তৱর্তী আৰক্ষীয়ে পৰস্পৰক সহায়–সহযোগিতা কৰাৰ ক্ষেত্রতো অংগীকাৰবদ্ধ হয়৷ বিশেষকৈ সীমান্তৰ চোৰাং বেহা, ভাৰতীয় ভুৱা নোট, অস্ত্র–শস্ত্র তথা মানৱদেহৰ চোৰাং বেহাৰ ওপৰতো বৈঠকত গুৰুত্ব সহকাৰে আলোচনা কৰা হয় বুলি কেন্দ্রীয় গৃহ বিভাগে বিবৃতিটোত প্রকাশ কৰিছে৷ দুয়ো দেশৰ আৰক্ষীপ্রধানসকলৰ্ মাজত প্রতিনিধি পর্যায়ত আজি প্রথমবাৰৰ বাবে বৈঠক অনুষ্ঠিত হয় যদিও অনাগত সময়ত এইক্ষেত্রত এক উচ্চ পর্যায়ৰব্যৱস্থাপন্ গঢ়ি তোলা হ’ব বুলি ভাৰতৰ গৃহ বিভাগৰ তৰফত প্রকাশ কৰা হৈছে৷ ভার্চুৱেল এই বৈঠকত ভাৰতৰ কেইবাখন ৰাজ্যৰ আৰক্ষীপ্রধানসকলে অংশগ্রহণ কৰে৷

You might also like