নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফেব্রুৱাৰীৰ পৰা ভাৰতত দৈনিক আক্রান্ত হ’ব ৫ লাখ লোক

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ  বিশেষজ্ঞৰ সতর্কবাণীৰ লেখীয়া দেশত ভয়াৱহ হাৰত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ যোৱা ২৪ ঘণ্টাত দেশত ঘাতক ক’ভিড–১৯ত আক্রান্ত হৈছে ১,৫৯,৬৩২জন৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা তথ্য মতে, আক্রান্তৰ সংখ্যা নৱবর্ষৰ প্রাৰম্ভৰে পৰা প্রতিদিনেই দ্রুতগতিত বৃদ্ধি পাই আছে৷ ক’ভিড–১৯ৰ সমান্তৰালকৈ নতুন প্রকৰণ অমিক্রনত আক্রান্তৰ সংখ্যাও বর্ধিত হৈছে৷ যোৱা ২৪ ঘণ্টাত দেশজুৰি ৫৫২জন অমিক্রনত আক্রান্ত হৈছে৷ ইয়াকে লৈ আক্রান্তৰ সংখ্যা ৩,৬২৩জনলৈ বৃদ্ধি পাইছে৷ অমিক্রনত আক্রান্তৰ ভিতৰত সর্বাধিক ১,০০৯জন মহাৰাষ্ট্রত, ৰাজধানী দিল্লীত ৫১৩জন, কর্ণাটকত ৪৪১জন, ৰাজস্থানত ৩২৩জন, কেৰালাত ৩৩৩জন আৰু গুজৰাটত ২০৫জন৷ দেশৰ ২৭ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত অমিক্রনৰ সংক্রমণ বৃদ্ধি পাইছে৷ স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি দেশত ক’ভিড–১৯ত আক্রান্তৰ দৈনিক পজিটিভিটীৰ হাৰ ১০.২১ শতাংশলৈ বৃদ্ধি পাইছে৷ সাপ্তাহিক পজিটিভিটীৰ হাৰ ৬.৭৭ শতাংশলৈ বর্ধিত হৈছে৷ উল্লেখ্য যে যোৱা ২৪ ঘণ্টাত দেশত ক’ৰোনাত প্রাণ হেৰুৱাইছে ৩২৭জনে৷ ইয়াকে লৈ দেশত মৃতকৰ সংখ্যা ৪,৮৩,৭৯০লৈ বৃদ্ধি পাইছে৷ মৃত্যুৰ হাৰ ১.৩৬ শতাংশ৷ লক্ষণীয় যে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ পাছত শেহতীয়াভাৱে আৰম্ভ হোৱা তৃতীয় জোৱাৰতো মহাৰাষ্ট্র আৰু দিল্লী সর্বাধিক ক্ষতিগ্রস্ত হৈছে৷

আনপিনে আগন্তুক সংসদৰ বাজেট অধিৱেশনৰ পূর্বে সংসদৰ চাৰি শতাধিক কর্মীৰ দেহত ক’ভিড–১৯ পজিটিভ হোৱাত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে৷ চাৰি জানুৱাৰীৰ পৰা ৮ জানুৱাৰীৰ ভিতৰত ৪০২ কর্মচাৰীৰ দেহত ক’ভিড ধৰা পৰিছে৷ আটাইকেইজনৰ জেন’ম নমুনা অমিক্রনৰ পৰীক্ষণৰ বাবে প্রেৰণ কৰা হৈছে৷ উল্লেখ্য যে সংসদৰ ১,৪০৯ কর্মচাৰীৰ ভিতৰত ৪০২জন ইতিমধ্যে ক’ৰোনাত আক্রান্ত হোৱাক লৈ কর্তৃপক্ষ চিন্তিত হৈছে৷ আক্রান্তসকলৰ ভিতৰত ২০০ লোকসভা আৰু ৬৯ ৰাজ্যসভাৰ লগতে ১৩৩গৰাকী সমূহীয়া কর্মচাৰী ক’ভিডত আক্রান্ত হৈছে৷ ইপিনে বিশ্বজুৰি ক’ভিড–১৯ আৰু অমিক্রনে হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্রৰ স্বাস্থ্য বিশেষজ্ঞ এগৰাকীয়ে ভাৰতত পৰৱর্তী মাহৰ পৰা প্রতিদিনে ৫ লাখকৈ লোক ক’ভিডত আক্রান্ত হ’ব বুলি সকীয়নি দিছে৷ ৱাশ্বিংটন ইউনিভার্ছিটীৰ চেয়াৰ অৱ দ্য হেল্থ মেট্রিক্ছ ছায়েন্স আৰু ইনষ্টিটিউট ফৰ হেল্থ মেট্রিক্ছ এণ্ড ইভালুৱেচনৰ সঞ্চালক ড০ খ্রীষ্ট’ফাৰ মুৰীয়ে কয় যে পৰৱর্তী মাহৰ পৰা ভাৰতত ক’ভিড–১৯ত আক্রান্ত শীর্ষত উঠিব আৰু প্রতিদিনেই ৫ লাখলৈ ভাইৰাছটোত আক্রান্ত হ’ব৷ অৱশ্যে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ ডেল্টা প্রকৰণতকৈ এই সংক্রমণৰ সময়সীমা কিছু হ্রাস পাব৷ ডেল্টাতকৈ অমিক্রন কম ভয়াৱহ হ’ব৷ দক্ষিণ আফ্রিকাত প্রথমে চিনাক্ত হোৱা অমিক্রনত আক্রান্তৰ সংখ্যা ভাৰতত বৃদ্ধি পাব যদিও এই অমিক্রনত আক্রান্ত লোক চিকিৎসালয়ত ভর্তিৰ সংখ্যা কম হ’ব৷ ঠিক তেনেদৰে মৃত্যুৰ সংখ্যাও কম হ’ব৷ পূর্বৰ ডেল্টা জোৱাৰতকৈ অমিক্রনৰ ভয়াৱহতা কিছু কম হ’ব৷ মন কৰিবলগীয়া যে স্বাস্থ্য বিশেষজ্ঞগৰাকীয়ে প্রকাশ কৰা মতে, ভাৰতত অমিক্রনত আক্রান্তৰ ৮৫.২ শতাংশৰ দেহত উপসর্গ দেখা নাযাব৷ অর্থাৎ উপসর্গবিহীনভাৱে অমিক্রনত আক্রান্ত হ’ব৷ ইয়াৰে কিছুসংখ্যক চিকিৎসালয়ত ভর্তি হ’ব আৰু কিছুসংখ্যকে প্রাণ হেৰুৱাব পাৰে৷

You might also like