ডিজিটেল ডেস্ক, ১৬ মে’ : প্ৰাক্তন ভাৰতীয় বেডমিণ্টন তাৰকা খেলুৱৈ জ্বালা গুট্টা এইবাৰ উজলিল হ’ল আন এটি ক্ষেত্রত৷ তেওঁৰ সন্তান জন্মৰ প্রথমটো বছৰতে হায়দৰাবাদ আৰু চেন্নাইৰ চৰকাৰী চিকিৎসালয়লৈ প্রায় ৬০ লিটাৰ মাতৃদুগ্ধ দানৰ কথা প্রকাশ কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷
মাতৃত্ব আৰু নৱজাতকৰ স্বাস্থ্যৰ যতন সম্পর্কীয় এক আলোচনাত ভাৰতৰ তাৰকা খেলুৱৈগৰাকীয়ে প্রকাশ কৰা এই তথ্যই খেলুৱৈগৰাকীক আৰু অধিক উজলাই তুলিছে৷ বিশেষকৈ এনআইচিইউত ভর্তি কৰোৱা সময়ৰ পূর্বে জন্মলাভ কৰা আৰু জটিল ৰোগত আক্রান্ত নৱজাতকৰ বাবে মাতৃদুগ্ধ দানে কিদৰে জীৱন ৰক্ষাত সহায় কৰিব পাৰে, সেই সন্দর্ভত ২০১০ বর্ষৰ কমনৱেলথ গেমছৰ স্বর্ণপদকপ্রাপক খেলুৱৈগৰাকীয়ে তেওঁৰ এক্স হেণ্ডেলত এটা পোষ্ট কৰে৷ তেওঁৰ এই বার্তাই অনলাইনত ব্যাপক প্রশংসা বুটলিবলৈ সক্ষম হয়৷
সাধাৰণতে মুকলিকৈ আলোচনা কৰিবলৈ কুণ্ঠাবোধ কৰা এনে এটা বিষয়ত সজাগতা সৃষ্টিৰ বাবে তেওঁ গঢ়ি তোলা মঞ্চখনকো প্রশংসা কৰা হয়৷ তেওঁ কয় যে চিকিৎসা সম্পর্কীয় জটিলতা, অসুস্থতা আৰু বিলম্বিত স্তনপান আদি কাৰণত মাতৃগৰাকীয়ে নিজৰ গাখীৰ খুৱাব নোৱাৰা অৱস্থাত এনে মাতৃদুগ্ধ দানে নৱজাতকৰ বৃহৎ উপকাৰ সাধিব পাৰে৷