ডিজিটেল ডেস্ক, ১৬ মে’ : গ্রামাঞ্চলৰ কর্কট ৰোগীৰ সচেতনতা, প্রাৰম্ভিক পর্যায়ত কর্কট ৰোগ চিনাক্ত কৰা আৰু ৰোগীসকলৰ উপযুক্ত চিকিৎসা প্রদানত সহায় কৰিবলৈ আগবাঢ়ি আহিছে ৰাজেন্দ্রনাথ তালুকদাৰ স্মৃতি ন্যাস৷
বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰৰ উদ্যোগত ২০২৪ চনৰ ২৭ মার্চত জন্মলাভ কৰা ৰাজেন্দ্রনাথ তালুকদাৰ স্মৃতি ন্যাসে বিগত সময়ছোৱাত কর্কট ৰোগকে ধৰি বিভিন্ন ৰোগৰ সচেতনতা সৃষ্টিৰ বাবে ধাৰাবাহিক পদক্ষেপ লৈছে৷ বিশেষকৈ গ্রামাঞ্চল আৰু পিছপৰা অঞ্চলত কর্কট ৰোগৰ সচেতনতা আৰু চিনাক্তকৰণৰ উপৰি মধুমেহ ৰোগ, ৰক্তচাপ ৰোগ চিনাক্তকৰণৰ বাবে শিবিৰ অনুষ্ঠিত কৰি আহিছে৷ দুখীয়া পৰিয়ালৰ ছাত্র–ছাত্রীক শৈক্ষিক দিশত সহায় কৰাৰ বাবেও ন্যাসে পদক্ষেপ লৈছে৷
৩০টাৰো অধিক স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰি বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা ৰাজেন্দ্রনাথ তালুকদাৰ স্মৃতি ন্যাসে ১৪ মে’ত অসম কেঞ্চাৰ ফাউণ্ডেচনৰ স’তে এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰে৷ এই চুক্তিৰ জৰিয়তে কর্কট ৰোগীসকলৰ মাজত যুটীয়া চিনাক্তকৰণ শিবিৰ অনুষ্ঠিত কৰাৰ লগতে কর্কট ৰোগীসকলক উপযুক্ত চিকিৎসা প্রদানৰ ব্যৱস্থা কৰা হ’ব৷

এই উপলক্ষে অনুষ্ঠানত শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচার্য ডাঃ অনুপ কুমাৰ বর্মন, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী, বিশিষ্ট লেখক–প্রবাসী চিকিৎসক ড০ জয়ন্ত বিশ্ব শর্মা, মুখ্যমন্ত্রীৰ বিশেষ কর্তব্যৰত বিষয়া কুন্তলমণি শর্মা বৰদলৈ, শংকৰদেৱ নেত্রালয়ৰ অধ্যক্ষ ডাঃ হর্ষ ভট্টাচার্য, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ মুখ্য পৰিচালন বিষয়া ডাঃ জে পি প্রসাদ, শ্রীমন্ত শংকৰদেৱ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডাঃ সুজিত বর্ধনকে ধৰি কেইবাজনো গণ্যমান্য লোক উপস্থিত থাকে৷
অনুষ্ঠানত ড০ জয়ন্ত বিশ্ব শর্মাই তেওঁৰ ভাষণত ৰাজেন্দ্রনাথ তালুকদাৰ স্মৃতি ন্যাসৰ গঠনমূলক কাম–কাজৰ ভূয়সী প্রশংসা কৰে৷ ৰাজ্যখনৰ গ্রামাঞ্চলত বিভিন্ন ৰোগৰ সচেতনতা আৰু উপযুক্ত চিকিৎসাৰ লক্ষ্যৰে ৰাজেন্দ্রনাথ তালুকদাৰ স্মৃতি ন্যাসে গ্রহণ কৰা এনে পদক্ষেপে নিশ্চিতভাৱে দুর্গত লোকসকলক সহায় কৰিব৷ এইক্ষেত্রত স্মৃতি ন্যাসৰ স’তে জড়িত হৈ প্রয়োজনীয় সহায়–সহযোগিতা আগবঢ়াব বুলি প্রতিশ্রুতি প্রদান কৰে ড০ শর্মাই৷