নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ত আক্রান্ত প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া

নিয়মীয়া বাৰ্তা, ৩১ মার্চ: প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া আৰু তেওঁৰ পত্নী চিনাম্মা ক’ভিড–১৯ত আক্রান্ত হৈছে৷ দুয়োগৰাকীয়ে বৰ্তমান পুৰণি বিমানবন্দৰ পথৰ মণিপাল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ এইকথা টুইটযোগে প্ৰকাশ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে এইচ ডি দেৱগৌড়া আৰু তেওঁৰ পত্নী চিনাম্মা উভয়ে  ক’ভিড–১৯ ৰ পৰীক্ষা কৰিছিল ৷  পৰিয়ালৰ আন সদস্যসকলৰ পৰা তেওঁ নিজকে আছুটীয়াকৈ ৰাখিছে ৷

লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটযোগে যোৱা দিনবোৰত তেওঁলোকৰ পৰিয়ালৰ সংস্পৰ্শলৈ অহা সকলো লোককে ক’ভিড পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছে৷

You might also like