নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰংৰাজন কুমাৰমঙ্গলমৰ পত্নী কিটি কুমাৰমঙ্গলমক হত্যা

নিয়মীয়া বাৰ্তা ৭ জুলাইঃ  প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰংৰাজন কুমাৰমঙ্গলমৰ পত্নী কিটি কুমাৰমঙ্গলমক মঙলবাৰে নিশা দক্ষিণ পশ্চিম দিল্লীৰ বসন্ত বিহাৰত তেওঁৰ বাসগৃহত ডকাইতি কৰাৰ পিছত হত্যা কৰা হৈছে। ইতিমধ্যে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হৈছে। এই সমগ্ৰ তথ্য জানিবলৈ দিছে দিল্লী আৰক্ষীয়ে।

দিল্লীৰ আৰক্ষী আয়ুক্ত(দক্ষিণ পশ্চিম) ইংগিত প্ৰতাপ সিঙে জানিবলৈ দিয়ে যে অভিযুক্ত ৰাজু(২৪) বুলি চিনাক্ত কৰা হৈছে আৰু যি মৃত কিটি কুমাৰমঙ্গলমৰ ঘৰত কাম কৰিছিল।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে অভিযুক্তই নিশা প্ৰায় ৯ বজাত কিটিৰ ঘৰত ডকাইটিৰ উদ্দেশ্যে প্ৰৱেশ কৰিছিল। আৰু ঘৰুৱা সহায়কে দুৱাৰখন খুলি দিছিল । দুজন মানুহে ঘৰত প্ৰৱেশ কৰি কিটিত আক্ৰমণ কৰে আৰু তাৰ পিছত অভিযুক্তজনে কিটিক গাৰুৰে মুখত সোপা দি হত্যা কৰে।

আৰক্ষীয়ে উল্লেখ কৰিছে যে অভিযুক্ত ৰাজুক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বাকী দুজন অভিযুক্তৰ সন্ধান অব্যাহত ৰাখিছে।

source the Hindu

You might also like