নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ বছৰ বয়সতে দিলীপ কুমাৰৰ প্ৰেমত পৰিছিল পত্নী চাইৰা; জানক তেওঁলোকৰ প্ৰেমকাহিনী…

নিয়মীয়া বাৰ্তা ৭ জুলাইঃ  বলীউডৰ কিংবদন্তী অভিনেতা দিলীপ কুমাৰ আৰু নাই। অভিনেতাজন দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। শেহতীয়াকৈ তেওঁক মুম্বাইৰ হিন্দুজা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, য’ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। দিলীপ কুমাৰৰ অন্তিম দিনবোৰতো তেওঁৰ বেগম চাইৰা বানো তেওঁৰ লগত ছাঁ টোৰ দৰে আছিল আৰু আজি সেমেকা চকুৰে নিজৰ মনৰ মানুহজনক অন্তিম বিদায় জনায়।

১২ বছৰ বয়সতে দিলীপ কুমাৰৰ প্ৰেমত পৰিছিল পত্নী চাইৰা…

১৯৪৪ চনত জন্মগ্ৰহণ কৰা ছাইৰা ভাৰত-পাক বিভাজনৰ পিছত লণ্ডনলৈ যায়। লণ্ডনতে শিক্ষা লাভ কৰিছিল চাইৰাই। যেতিয়া চাইৰা ছুটিৰ সময়ত ভাৰতলৈ আহিছিল, তেতিয়া তেওঁ দিলীপ কুমাৰৰ চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ চাবলৈ ষ্টুডিঅ’ত ঘণ্টাৰ পিছত ঘণ্টা বহিছিল। চাইৰা বানোৱে এটা সাক্ষাৎকাৰত কয় যে তেওঁ ১২ বছৰ বয়সৰ পৰাই দিলীপ কুমাৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাটো বিচাৰিছিল।

আধা বয়সৰ চাইৰা বানোৰ সৈতে বিবাহপাশত আৱদ্ধ…

যেতিয়া দিলীপ কুমাৰে চাইৰা বানোক বিয়া কৰাইছিল, তেতিয়া তেওঁৰ বয়স আছিল ৪৪ বছৰ আৰু চাইৰা বানোৰ বয়স আছিল ২২ বছৰ। দুয়ো ১৯৬৬ চনত বিবাহপাশত আৱদ্ধ হৈছিল। দিলীপ আৰু চাইৰা বানোৱে তেতিয়াৰ পৰা ইজনে সিজনৰ হাত এৰি দিয়া নাই।

You might also like