নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰত নিহত চাৰি সন্ত্রাসবাদীয়ে পাকিস্তানত লৈছিল কমাণ্ডোৰ প্রশিক্ষণ

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ যোৱা ১৯ নৱেম্বৰত জম্মু–কাশ্মীৰত নাগ্র’তাৰ সংঘর্ষত নিহত চাৰি জইছ–ই–মহম্মদ (জেইএম) সন্ত্রাসবাদীক লৈ ন ন তথ্য লাভ কৰিছে চোৰাংচোৱা সংস্থাসমূহে৷ উল্লেখনীয় যে জে ই এমৰ এই সন্ত্রাসবাদীকেইটাই কমাণ্ডোৰ প্রশিক্ষণ লাভ কৰিছিল৷ ২০১৬ৰ পাঠানকোট বিমানঘাটি আক্রমণত জড়িত কাছিম জান আছিল নাগ্র’তাৰ সন্ত্রাসবাদী সংঘর্ষৰো মূল খলনায়ক৷

দক্ষিণ কাশ্মীৰত আত্মগোপনকাৰী কর্মীৰ সৈতে কাছিমৰ আছিল সম্পর্ক৷ লক্ষণীয়ভাৱে ৰাষ্ট্রসংঘৰ দ্বাৰা গোলকীয় সন্ত্রাসবাদী হিচাপে তালিকাভুক্ত হোৱা মুফতি ৰৌফ আছগৰে নাগ্র’তালৈ অহা এই সন্ত্রাসবাদীকেইটাৰ কাম–কাজ নিৰীক্ষণ কৰিছিল৷ এই সন্ত্রাসবাদীকেইটাই ভাৰতত প্রৱেশ কৰিবলৈ ৩০ কিলোমিটাৰ খোজকাঢ়ি আহিছিল অন্ধকাৰৰ সুযোগ লৈ৷

সন্ত্রাসবাদীকেইটা নিহত হোৱাৰ লগে লগে পাঠানকোট সদৃশ আক্রমণৰ পৰা ৰক্ষা পৰিছিল সমগ্র কাশ্মীৰ উপত্যকা৷ শেহতীয়াকৈ চোৰাংচোৱাই সদৰী কৰা অনুসৰি দুই শতাধিক সন্ত্রাসবাদীয়ে নিয়ন্ত্রণ ৰেখাৰ সমীপত পাক লাঞ্চ পেডত অপেক্ষা কৰি আছে৷ সুযোগ পালেই এই সন্ত্রাসবাদীবোৰে ভাৰতত প্রৱেশ কৰি কূটাঘাত সংঘটিত কৰিব৷

You might also like