নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেৰিছ জলবায়ু চুক্তিক গুৰুত্ব প্রদান কৰকঃ জি–২০ত প্রধানমন্ত্রী মোদী

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ ক’ভিডকালীন সংকটৰ মাজতে ছৌদি আৰবে আয়োজন কৰা জি–২০ গোষ্ঠীৰ ভার্চুৱেল সন্মিলনত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সদস্য দেশসমূহক ক’ভিড–১৯ৰ মোকাবিলা কৰাৰ ক্ষেত্রত ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনাইছে৷ প্রধানমন্ত্রীগৰাকীয়ে ক’ৰোনাৰ দৰে মহামাৰীয়ে সমগ্র বিশ্বৰ পৰিস্থিতিয়েই সলনি কৰি দিয়া বুলি উল্লেখ কৰে৷

এই ভয়াৱহ মহামাৰীৰ বিৰুদ্ধে জি–২০ গোষ্ঠীৰ সদস্য ৰাষ্ট্রসমূহে নতুন কর্মপদ্ধতি প্রস্তুত কৰিব লাগিব বুলিও মোদীয়ে উল্লেখ কৰিছে৷ ইফালে, আজি জি–২০ গোষ্ঠীৰ সন্মিলন সম্বোধন কৰি প্রধানমন্ত্রীগৰাকীয়্ পৃথিৱী গ্রহক জলবায়ু পৰিৱর্তনৰ পৰা ৰক্ষা কৰিবলৈ পেৰিছ জলবায়ু চুক্তিক গুৰুত্বসহকাৰে ল’বলৈ আহ্বান জনাইছে৷ ভাৰতে পেৰিছ জলবায়ু চুক্তিত গ্রহণ কৰা সংকল্পক আখৰে আখৰে পালন কৰিবলৈ আগ্রহী বুলিও উল্লেখ কৰে প্রধানমন্ত্রীগৰাকীয়ে।

ঐক্যবদ্ধ, সর্বাত্মক তথা বৃহৎ পদক্ষেপ হিচাপে পেৰিছ জলবায়ু চুক্তিক কার্যকৰী কৰাৰ ক্ষেত্রত জি–২০ গোষ্ঠীৰ সদস্য দেশসমূহে গুৰুত্ব প্রদান কৰিব লাগিব বুলিও মোদীয়ে উল্লেখ কৰিছে৷ লক্ষণীয়ভাৱে উন্নয়নশীল দেশসমূহত প্রযুক্তি আৰু বিত্তীয় সমর্থন অধিক ক্ষিপ্রতৰ হ’লে সমগ্র বিশ্বই উপকৃত হ’ব বুলিও প্রধানমন্ত্রীগৰাকীয়ে নিজৰ ভাষণত প্রসংগক্রমে উল্লেখ কৰিছে৷

দেশৰ পৰম্পৰাই আজি ভাৰতৰ ঐক্য আৰু পাৰিপার্শ্বিক ক্ষেত্রলৈ নতুন প্রেৰণা কঢ়িয়াই অনা বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে৷ বিশেষকৈ ভাৰতে এল ই ডি লেম্পৰ ক্ষেত্রত গুৰুত্ব প্রদান কৰাৰ উপৰি সৌৰশক্তিক প্রাধান্য দি কার্বন নির্গমনৰ পৰিমাণ হ্রাস কৰা বুলিও মন্তব্য কৰিছে দেশৰ প্রধানমন্ত্রীগৰাকীয়্৷

You might also like