নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ্ৰান্সত মছজিদ বন্ধ কৰিলে চৰকাৰে, বৃদ্ধি পাইছে ধৰ্মীয় গোড়ামী

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ ফ্ৰান্সত এগৰাকী শিক্ষকৰ হত্যাৰ পিছত ইছলামিক কট্টৰপন্থীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰখনে। কালি পেৰিচ চহৰৰ বাহিৰৰ এটা মছজিদ অস্থায়ীৰূপে বন্ধ কৰি দিছে ফ্ৰান্স চৰকাৰে।

অলপতে ছেমুৱেল পেটী নামৰ এগৰাকী শিক্ষকক ধৰ্মীয় কাৰণত শিৰশ্ছেদ কৰাৰ পিছত এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে। উক্ত শিক্ষকজনে তেওঁৰ শ্ৰেণীত পয়গম্বৰ মহম্মদৰে সম্পৰ্ক থকা এটা কাৰ্টুনক লৈ আলোচনা কৰিছিল আৰু ইয়াকে লৈ তেওঁ ধৰ্মীয় মৌলবাদীৰ লক্ষ্য হৈ পৰিছিল।

ফ্ৰান্সৰ উক্ত মছজিদটোত শিক্ষকগৰাকীৰ বিৰুদ্ধে ধৰ্মীয় উষ্মা প্ৰকাশ কৰা এক ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত ফ্ৰান্স চৰকাৰে এনে ব্যৱস্থা গ্ৰহণ কৰে।

You might also like