নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭০ বছৰ পিছত মহিলাক মৃত্যুদণ্ড দিয়াৰ সিদ্ধান্ত আমেৰিকাৰ

৮ ডিচেম্বৰত প্রাণনাশক ইনজেকচনেৰে চৰম শাস্তি দিয়া হ’ব লিছাক

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ প্রায় ৭০ বছৰ পিছত আমেৰিকাই এগৰাকী মহিলা বন্দীক মৃত্যুদণ্ড বিহিবলৈ আগবাঢ়িছে৷ দেশখনৰ ন্যায় বিভাগে ইতিমধ্যে মিছৌৰিৰ লিছা মণ্টগমাৰী নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে মৃত্যুদণ্ড বিহিছে৷ ২০০৪ চনত এগৰাকী অন্তঃসত্ত্বা মহিলাৰ পেট ফালি কেঁচুৱাটিক অপহৰণ কৰাৰ উপৰি মহিলাগৰাকীক ডিঙি ৰেপি হত্যা কৰিছিল লিছাই৷

আগন্তুক ৮ ডিচেম্বৰত ইণ্ডিয়ানাত লিছাক প্রাণনাশক ইনজেকচন দি মৃত্যুদণ্ড বিহা হ’ব৷ উল্লেখনীয় যে ১৯৫৩ চনত আমেৰিকাই বনী হিডী নামৰ মহিলা এগৰাকীক মৃত্যুদণ্ড বিহাৰ কথা আছিল যদিও গেছ চেম্বাৰত মহিলাগৰাকীৰ প্রাণহানি হৈছিল৷ দেশখনৰ মৃত্যুদণ্ড সন্দর্ভত তথ্য ৰখা সংস্থাই সদৰী কৰিছে এই কথা৷

ইফালে, ব্রেণ্ডন বার্নার্ড নামৰ বন্দী এজনকো ডিচেম্বৰ মাহতে মৃত্যুদণ্ড বিহাৰ সিদ্ধান্ত লৈছে ন্যায় বিভাগে৷ ১৯৯৯ চনত বার্নার্ড আৰু তেওঁৰ সহযোগীয়ে হত্যা কৰিছিল দুগৰাকী যুৱ মন্ত্রীক৷ মার্কিন এটর্নী জেনেৰেল উইলিয়াম বাৰে সদৰী কৰিছে যে দুয়োটা হত্যাকাণ্ডই আছিল অতি পাশৱিক৷ গতিকে এই অপৰাধত দোষী সাব্যস্ত দুয়োগৰাকী বন্দীকে মৃত্যুদণ্ড দিয়াৰ সিদ্ধান্ত লোৱা হৈছে৷

উল্লেখনীয় যে আমেৰিকাৰ প্রদেশবোৰত নিজাববীয়াকৈ বন্দীক মৃত্যুদণ্ড দি অহা হৈছে যদিও দীর্ঘদিন ধৰি ফেডাৰেল আদালতে কোনো বন্দীৰ মৃত্যুদণ্ড কার্যকৰী কৰা নাছিল৷ যোৱা বছৰ ট্রাম্প প্রশাসনে ফেডাৰেল মৃত্যুদণ্ড কার্যকৰী কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷

You might also like