🔹 এসপ্তাহ পর্যন্ত বিনামূল্যে ডেৰ লাখ টকাৰ চিকিৎসা পাব মটৰ দুর্ঘটনাত ক্ষতিগ্রস্তই
নিউজ ডেস্ক, ১০ জানুৱাৰী : এতিয়াৰে পৰা পথ দুর্ঘটনাত ক্ষতিগ্রস্তসকলৰ চিকিৎসা কৰা হ’ব বিনামূলীয়াকৈ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সমগ্র দেশৰ বাবে এই প্রকল্প আনিছে৷ বৃহস্পতিবাৰে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ পৰিবহণ মন্ত্রীসকলৰ সৈতে বৈঠকৰ অন্তত এই ঘোষণা কৰে কেন্দ্রীয় পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়ে৷ এদিনীয়া বার্ষিক বৈঠকত আলোচনাৰ বিষয় আছিল পথ নিৰাপত্তা, সুৰক্ষা, যান–বাহন আৰু আয় বৃদ্ধি৷ বৈঠকৰ পিছত সাংবাদিকৰে মুখামুখি হৈ একাধিক বিষয় ঘোষণা কৰে গাডকাৰীয়ে৷
উল্লেখযোগ্য যে যোৱা ২০২৪ বর্ষৰ ১৪ মার্চৰ পৰা পথ দুর্ঘটনাত আহতসকলক বিনামূলীয়া চিকিৎসা সেৱা প্রদান কৰাটো পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হৈছিল চণ্ডীগড়ত৷ পিছলৈ আৰু ৬খন ৰাজ্যত এই সেৱা আৰম্ভ কৰা হয়৷ এইবাৰ দেশজুৰি উপলব্ধ হ’ব এই প্রকল্পৰ সুবিধা৷ নিয়ম অনুযায়ী মটৰচালিত যান–বাহনত দুর্ঘটনা হ’লে সেই দিনটোৰ পৰা এসপ্তাহ পর্যন্ত বিনামূলীয়াকৈ ডেৰ লাখ টকাৰ চিকিৎসা সেৱা পোৱা যাব৷ দুর্ঘটনা ৰোধৰ ক্ষেত্রত যান–বাহনত ‘ভি টু ভি’ প্রযুক্তি আৰম্ভ কৰাৰ কথাও ঘোষণা কৰা হৈছে৷ ইতিমধ্যে টেলিকম দপ্তৰ আৰু পৰিবহণ দপ্তৰৰ প্রতিনিধিসকলক লৈ টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে৷ আৰম্ভ হৈছে ইয়াৰ প্রাথমিক কাম–কাজ৷ এই প্রযুক্তিৰ মাধ্যমেৰে চালকে গতি, অৱস্থান, অন্য যান–বাহনৰ উপস্থিতি আৰু চৌপাশৰ অৱস্থা সম্পর্কে জানিব পাৰিব আৰু প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব পাৰিব৷
কেন্দ্রীয় পৰিবহণ মন্ত্রীগৰাকীয়ে জনোৱা মতে, ৱায়াৰলেছ প্রযুক্তিৰ মাধ্যমেৰে এখন বাহনৰ চালকে আন এখন বাহনৰ চালকৰ সৈতে যোগাযোগ কৰিব পাৰিব৷ তেওঁ লগতে জনায় যে আগন্তুক বাজেটত মটৰচালিত যান–বাহন আইনৰ সংশোধনী কৰা হ’ব৷ ৬১টা সংশোধনীয়ে নিৰাপত্তা, নাগৰিক সেৱা, আয় বৃদ্ধিত সহায়ক হ’ব৷ শ্লীপাৰ কোচ্চ বাছ নির্মাণৰ অনুমোদনৰ ক্ষেত্রতো নতুন সিদ্ধান্ত গ্রহণ কৰিছে চৰকাৰে৷ এতিয়াৰ পৰা কেন্দ্রীয় চৰকাৰৰ নিয়ম মানি এই ধৰণৰ বাছ নির্মাণ কৰিব পাৰিব অটোম’বাইল সংস্থাসমূহে৷
গাডকাৰীয়ে জনায় যে বাছত অগ্ণিকাণ্ড ৰোধ কৰিবলৈ এই ব্যৱস্থা গ্রহণ কৰা হৈছে৷ ইতিমধ্যে যিবোৰ শ্লীপাৰ ক্লাছ বাছ আছে, সেইসমূহতো অগ্ণি প্রতিৰোধ তথা নির্বাপণ ব্যৱস্থা, খিৰিকীৰ কাঁচ ভঙাৰ বাবে হাতুৰী, আপদকালীন প্রস্থান পথ, আপদকালীন পোহৰ আৰু চালকৰ টোপনি নির্ণয়কাৰী ব্যৱস্থা ৰাখিব লাগিব৷ দুর্ঘটনা ৰোধৰ ক্ষেত্রত লোৱা পদক্ষেপ সন্দর্ভত মন্ত্রীগৰাকীয়ে জনায় যে ৰাজস্থানৰ চৰকাৰক তেওঁ চিঠি লিখি জনাইছে যে যিসকলে মেনুৱেলভাৱে বাছৰ কাঠামো তৈয়াৰ কৰে, তেওঁলোকৰ মাজৰ অনেকেই নিৰাপত্তাজনিত বিধি মনা হৈছে বুলি নিজেই স্বাক্ষৰ কৰি জনাইছিল৷ তেওঁলোকক যিসকল পৰিবহণ বিষয়াই অনুমোদন দিছিল, তেওঁলোকৰ বিৰুদ্ধে যেন ব্যৱস্থা গ্রহণ কৰা হয়৷ পথ আইন উলংঘন হ’লে তাক চিনাক্ত কৰা, যান–বাহনৰ বাবে ডিজিটেল তথা স্বয়ংক্রিয় ব্যৱস্থাক লৈও আলোচনা হৈছিল বৃহস্পতিবাৰে৷ কমসংখ্যক অশিক্ষিত কর্মী থকাৰ বাবে সমস্যাৰ সৃষ্টি হোৱা দিশটোও আলোচনাৰ মাজলৈ আহে৷