নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : বাণিজ্যিক বনানীকৰণ

পৰিৱেশ কর্মী–প্রকৃতিপ্রেমী সংগঠনসমূহৰ প্রায় অলক্ষিতে কেন্দ্রীয় বন আৰু পৰিৱেশ মন্ত্রালয়ে এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে৷ আর্থিক দিশত ভাৰতৰ বাবে ওপৰোৱাকৈ লাভজনক যেন লাগিলেও ভৱিষ্যৎ দিনত বন মন্ত্রালয়ৰ এই সিদ্ধান্ত এক নেতিবাচক সিদ্ধান্ত হিচাপে বিবেচিত হোৱাৰ সম্ভাৱনাই সৰহ৷ বন অধিনিয়মৰ অধীনত যোৱা ২ জানুৱাৰীত বন–পৰিৱেশ মন্ত্রালয়ে দেশত বাণিজ্যিক বনানীকৰণৰ অনুমতি প্রদান কৰিছে৷ এই সিদ্ধান্তৰ ফলত দেশৰ অৰণ্যসমূহত ব্যক্তিগত খণ্ড আৰু চৰকাৰী সংস্থাসমূহে বাণিজ্যিক বনানীকৰণ কৰাৰ পথ মুকলি হ’ব৷ এনে বনানীকৰণ এতিয়াৰে পৰা ফৰেষ্ট্রী এক্টিভিটীৰ অধীনত পৰিব৷ সংশ্লিষ্ট ৰাজ্যসমূহৰ বন বিভাগে প্রস্তুত কৰা কার্যকৰী আৰু পৰিচালনাৰ অধীনত এই বাণিজ্যিক বনানীকৰণ কৰাৰ সুবিধা লাভ কৰিব ব্যক্তিগত খণ্ড অথবা চৰকাৰী খণ্ডৰ প্রতিষ্ঠানসমূহে৷ ইতিমধ্যে ৰাজ্য চৰকাৰসমূহক এই বাণিজ্যিক বনানীকৰণৰ বাবে যাৱতীয় নিয়মাৱলী প্রস্তুত কৰাৰ নির্দেশ দিয়া হৈছে৷ প্রায় আচম্বিতে বাণিজ্যিক বনানীকৰণৰ দৰে স্পর্শকাতৰ সিদ্ধান্ত এটা কিয় ল’বলগীয়া হ’ল? বন মন্ত্রালয়ৰ সূত্র মতে, শেহতীয়াকৈ বিদেশৰ পৰা কাগজ আৰু পেপাৰ ব’ৰ্ডৰ আমদানি অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ বিশেষকৈ দেশত গছ কটা নিষিদ্ধ কৰাৰ পিছত কাগজৰ উৎপাদন অভাৱনীয়ভাৱে হ্রাস পোৱাৰ বিপৰীতে চাহিদা যথেষ্ট বৃদ্ধি পাইছে৷ আৰু এই বৃদ্ধি পোৱা চাহিদাৰ মোকাবিলা কৰাৰ বাবে বিদেশৰ পৰা কাগজ আৰু পেপাৰ ব’ৰ্ড বিশাল পৰিমাণত আমদানি কৰিবলগীয়া হৈছে৷ ২০২০–২১ চনত ১.০৮ নিযুত টন কাগজ আৰু পেপাৰ ব’ৰ্ড আমদানি কৰাৰ বিপৰীতে ২০২৪–২৫ত এই আমদানিৰ পৰিমাণ প্রায় দ্বি–গুণ হৈ ২.০৫ নিযুত টন হৈছেগৈ৷ এই বিশাল পৰিমাণৰ কাগজ–পেপাৰ ব’ৰ্ড আমদানি কৰিবলগীয়া হোৱাৰ ফলত দেশৰ বাহিৰলৈ বুজন পৰিমাণৰ ধন ওলাই গৈছে৷ তদুপৰি ব্যৱসায়িক দিশতো সংশ্লিষ্ট প্রতিষ্ঠানসমূহ লোকচানৰ সন্মুখীন হৈছে৷ এই গুৰুতৰ অৱস্থাৰ জোৰা মৰাৰ বাবেই দেশত বাণিজ্যিক বনানীকৰণৰ প্রভূত প্রয়োজন হৈছে, যাতে কাগজ আৰু পেপাৰ ব’ৰ্ডৰ আমদানি হ্রাস কৰিব পৰা যায়৷ বন মন্ত্রালয়ৰ মতে, শেহতীয়াকৈ কেইবাটাও চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানে অভয়াৰণ্যৰ বাণিজ্যিক বনানীকৰণৰ অনুমতিৰ বাবে অনুৰোধ জনাই আহিছে৷
বন মন্ত্রালয়ৰ বাণিজ্যিক বনানীকৰণৰ এই সিদ্ধান্তক ভয়ংকৰ আখ্যা দিছে একাংশ প্রকৃতিপ্রেমী সংগঠন আৰু পৰিৱেশ কর্মীয়ে৷ চৰকাৰৰ এই সিদ্ধান্ত জৈৱ-বৈচিত্র্যৰ প্রতি প্রচণ্ড ভাবুকি৷ তেওঁলোকৰ মতে, এই সিদ্ধান্তই অৰণ্যসমূহ বাণিজ্যিক বনানীকৰণৰ বাবে মুকলি কৰি দিব৷ যাৰ ফলত অৰণ্যসমূহত অবাধে ইউক্লিপটাছ, গমাৰিজাতীয় গছ ৰোপণ কৰা হ’ব আৰু এনে বনানীকৰণে অৰণ্যৰ প্রকৃত ভাৰসাম্য বিনষ্ট কৰি পেলাব৷ তদুপৰি অৰণ্যসমূহত অবাধ ধ্বংসযজ্ঞ চলোৱাৰ সুযোগৰ সৃষ্টি হ’ব৷ নিঃসন্দেহে এনে পৰিস্থিতিত জৈৱ-বৈচিত্র্য ৰক্ষাৰ সম্পূর্ণ পৰিৱেশ পৰিপন্থী৷ যিহেতু বাণিজ্যিক লক্ষ্য লৈয়ে অৰণ্যসমূহত বাণিজ্যিক বনানীকৰণ কৰা হ’ব, সেয়ে এই বনানীকৰণত উৎপাদন বৃদ্ধিৰ বাবে বিভিন্ন ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰাৰো থল থাকিব৷ এনে ৰাসায়নিক দ্রব্য ব্যৱহাৰে বাণিজ্যিক বনানীকৰণৰ বাবে ৰোপণ কৰা গছৰ শ্রীবৃদ্ধিত প্রভূত অৰিহণা যোগাব যদিও অৰণ্যসমূহত থকা জীৱকুলৰ বাবে ভয়ানক ভাবুকি কঢ়িয়াই আনিব৷ অদূৰ ভৱিষ্যতে অৰণ্যৰ প্রাকৃতিক শৃংখলৰ প্রতিও ভাবুকি আহিব৷ উদ্যোগসমূহৰ লাভৰ বিবেচনাৰে কৰিব খোজা বাণিজ্যিক বনানীকৰণে নিশ্চিতভাৱে দেশৰ উদ্যোগক লাভান্বিত কৰিব যদিও অৰণ্যৰ ভাৰসাম্যতাক সম্পূর্ণৰূপে ধ্বংস কৰিব আৰু চৰাই–চিৰিকটি–ফুল–তৃণ-বণ্যপ্ৰাণীলৈ সংকট নমাই আনিব৷ সহজ অর্থত সেউজ অৰণ্য আৰু অৰণ্য হৈ নাথাকিব৷

You might also like