নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিমান বন্দৰে বন্দৰে পণবন্দী দেশী–বিদেশী যাত্রী…

নিউজ ডেস্ক, ৭ ডিচেম্বৰ : দেশজুৰি ইণ্ডিগ’ সংকটৰ সুযোগ লৈ আন বিমান কোম্পানীসমূহে আকাশলংঘী বৃদ্ধি কৰিছে বিমান ভাৰা৷ বিভিন্ন বিমানপথত যাত্রীৰ ভাৰা চাৰিগুণ পর্যন্ত বৃদ্ধি পাইছে৷ বিমান বন্দৰে বন্দৰে পণবন্দী হৈছে দেশী–বিদেশী যাত্রীসকল৷ দেশৰ সর্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ই পৰিস্থিতি স্বাভাৱিক হৈছে বুলি দাবী কৰিলেও শনিবাৰেও দেশৰ বিমান সেৱাত চৰম অৰাজক অৱস্থা পৰিলক্ষিত হৈছে৷ ঘৰুৱা বিমানৰ টিকটৰ দাম অদ্যাপি বিদেশ যাত্রাতকৈও ব্যয়বহুল হৈ পৰিছে৷ এনে বিশৃংখল পৰিস্থিতিৰ মাজতে অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে ইণ্ডিগ’ৰ বেমেজালি আৰু আন বিমান কোম্পানীৰ অমানৱীয় ভাৰা বৃদ্ধিৰ বিৰুদ্ধে কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে৷

অসামৰিক বিমান পৰিবহণ মন্ত্রী নাইডুৱে এনে লুণ্ঠনকাৰী কোম্পানীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ হুংকাৰ দিছে৷ বিগত ৫ দিন ধৰি দেশৰ বিমান সেৱাত চৰম অচলাৱস্থাৰ সৃষ্টি হৈছে৷ দেশী–বিদেশী পর্যটকে চৰম অনিশ্চয়তাত দিন কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ইণ্ডিগ’ক পূর্বতেই বহু সাৱধান কৰি দিয়াৰ পিছতো কোনো সতর্কতামূলক ব্যৱস্থা গ্রহণ নকৰাৰ লগতে ইণ্ডিগ’ৰ শীর্ষ বিষয়াসকলৰ অৱহেলাৰ বাবেই এনে অচলাৱস্থাৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰি অসামৰিক পৰিবহণ মন্ত্রালয়ে বিমান কোম্পানীটোক কঠোৰ শাস্তি বিহাৰ পৰিকল্পনা কৰিছে৷

সমান্তৰালভাৱে দেশৰ সর্ববৃহৎ বিমান কোম্পানীৰ মুখ্য কার্যবাহী বিষয়া পিটাৰ এলবার্ছক অপসাৰণৰো পৰামর্শ দিয়াৰ সিদ্ধান্ত লৈছে৷ ইতিমধ্যে মন্ত্রী ৰামমোহন নাইডুৱে ইণ্ডিগ’ৰ শীর্ষ বিষয়াৰ সৈতে এলানি বৈঠকত মিলিত হৈছে৷ বৈঠকৰ সময়ত বিমান কোম্পানীটোৰ বহু গাফিলতি পোহৰলৈ আহিছে৷ ইয়াৰ পৰিপ্রেক্ষিততে মুখ্য কার্যবাহী বিষয়াগৰাকীক অপসাৰণৰ গুণাগঁথা চলিছে৷ কেন্দ্রীয় চৰকাৰৰ ফালৰ পৰা বাৰে বাৰে পৰিস্থিতি মোকাবিলাৰ বাবে নির্দেশ দিয়াৰ পিছতো ১৫ ডিচেম্বৰ পর্যন্ত পৰিস্থিতি যে স্বাভাৱিক নহয়, সেই কথা শীর্ষ বিষয়াসকলৰ বক্তব্যত একপ্রকাৰ স্পষ্ট হৈছে৷

বিমান কোম্পানীটোৰ এনে অৱহেলাৰ বাবেই বৃহৎ পৰিমাণৰ জৰিমনা বিহাৰো পৰিকল্পনা কৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে৷ একে সময়তে তেওঁলোকৰ বিমান সেৱাৰ সংখ্যা আৰু অধিক হ্রাস কৰাৰ পৰিকল্পনা কৰা হৈছে৷ শীঘ্রেই এই সন্দর্ভত আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে ধাৰাবাহিকভাৱে বিমান সেৱা বাতিল হোৱাৰ পিছত দেশৰ বিমানৰ টিকটৰ মূল্য অস্বাভাৱিকভাৱে বৃৃদ্ধি পাইছে৷ আজিৰ দিনত দিল্লীৰ পৰা কলকাতালৈ এজন যাত্রীয়ে অহা–যোৱা কৰিলে ৪৫ হাজাৰ টকা পর্যন্ত ব্যয় কৰিবলগীয়া হ’ব৷ তদুপৰি দেওবাৰৰ দিনটোত এই মূল্য চাৰিগুণ হৈছে৷ অর্থাৎ দিল্লী–কলকাতা পথত দেওবাৰে এজন ব্যক্তিয়ে ভ্রমণ কৰিলে খৰচ কৰিব লাগিব ৮৫ হাজাৰ টকা৷ একেদৰে দিল্লী–মুম্বাই পথত এই ভাৰা ৬৫ হাজাৰ টকা৷ কলকাতা–মুম্বাই পথত ৯০ হাজাৰ টকালৈকে বৃদ্ধি পাইছে৷ ইয়াৰ পিছতে বিমান পৰিবহণ মন্ত্রালয়ে বিমান সংস্থাসমূহক নতুনকৈ ভাৰাৰ সীমা মানি চলিবলৈ নির্দেশ দিছে৷ পৰিস্থিতি সম্পূর্ণ স্বাভাৱিক নোহোৱালৈকে কোনো বিমান কোম্পানীয়ে অতিৰিক্ত ভাৰাৰে যাত্রীসকলক লুণ্ঠন চলাব নোৱাৰিব বুলি সকীয়নি দি এনে কৰিলে সংশ্লিষ্ট বিমান কোম্পানীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি মন্ত্রী ৰামমোহন নাইডুৱে সদৰী কৰে৷ তেওঁ লগতে যাত্রীসকলক ৪৮ ঘণ্টাৰ ভিতৰত তেওঁলোকৰ বিমান ভাৰা কোনো কর্তন নকৰাকৈ ঘূৰাই দিয়াৰ বাবেও ইণ্ডিগ’ কর্তৃপক্ষক নির্দেশ দিছে৷

You might also like