ডিজিটেল ডেস্ক, ৭ ডিচেম্বৰ : চাহ বাগিচাৰ শ্রমিকে অতি সোনকালে লাভ কৰিব ভূমিৰ পট্টা৷ বাগিচাৰ শ্রমিকসকলক ভূমিৰ পট্টাৰ বাবে বিধানসভাত আইন গৃৃহীত কৰাৰ পাছত ৰাজ্যৰ প্রতিখন বাগিচাত আৰম্ভ হৈছে ভূমি জৰীপৰ কাম৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত শেহতীয়াকৈ জিলা আয়ুক্তসকলৰ বৈঠক অনুষ্ঠিত হৈ যোৱাৰ পিছত প্রতিখন জিলাত ৰাজহ বিভাগৰ সহযোগত বাগিচাৰ শ্রমিকসকলৰ ভূমি জৰীপৰ কাম আৰম্ভ কৰা হৈছে৷
উল্লেখ্য যে বছৰ বছৰ ধৰি বাগিচাৰ ভূমিত বসবাস কৰি থকা চাহ শ্রমিকসকলে আজিলৈ লাভ কৰা নাই ভূমিৰ পট্টা৷ মুখ্যমন্ত্রী ড০ শর্মাই এই বিষয়টোক লৈ শেহতীয়াকৈ ঘোষণা কৰিছিল যে চাহ বাগিচাৰ শ্রমিকসকলক ভূমিৰ পট্টা প্রদান কৰা হ’ব৷ মুখ্যমন্ত্রীৰ এনে ঘোষণাক নাটক বুলি কটাক্ষ কৰা বিৰোধীৰ উপলুঙাৰ মাজতে চাহ শ্রমিকক ভূমিৰ অধিকাৰ প্রদানৰ বাবে আৰম্ভ হৈছে ভূমি জৰীপৰ কাম৷ ভূমিৰ পট্টা প্রদানৰ বাবে ইতিমধ্যে প্রতিখন চাহ বাগিচাত গঠন কৰা হৈছে একোখনকৈ কমিটী৷ পর্যায়ক্রমে ৰাজ্যৰ ৮০০খন চাহ বাগিচাত এই ভূমি জৰীপৰ কাম সম্পূর্ণ হোৱাৰ পাছতে শ্রমিকক ভূমিৰ পট্টা প্রদানৰ কাম আৰম্ভ হ’ব৷
ৰাজহ বিভাগৰ সূত্রই প্রকাশ কৰা অনুসৰি উজনি অসমৰ কেইবাখনো জিলাত আৰম্ভ হোৱা ভূমিৰ এই জৰীপৰ প্রক্রিয়াত শ্রমিকসকলে ভোগ–দখল কৰি থকা মাটিসমূহৰ জিপিএছ ব্যৱহাৰ কৰি প্লটসমূহ নথিভুক্ত কৰা হৈছে৷ পর্যায়ক্রমে প্রযুক্তিৰ সহায়ত চাহ শ্রমিকে দখল কৰি থকা মাটিৰ সঠিক মেপিং কৰা হ’ব৷ এই জৰীপত চাহ খেতি কৰা ভূমি, শ্রমিকে বসবাস কৰি থকা স্থান আদি পৃথক কৰি মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে ভূমিসমূহ সু–শৃংখলিত কৰি পর্যায়ক্রমে শ্রমিকসকলক মালিকীস্বত্ব প্রদান কৰা হ’ব৷ জিলা প্রশাসনে এইক্ষেত্রত ৰাজ্য চৰকাৰৰ অধীনত থকা এটিচি বাগিচাসমূহত জৰীপৰ কাম আৰম্ভ কৰিছে৷
উজনি অসমৰ গোলাঘাট, তিনিচুকীয়া, ডিব্রুগড়, যোৰহাটকে আদি কৰি কেইবাখনো জিলাত কালিৰে পৰা আৰম্ভ হোৱা এই জৰীপে উৎফুল্লিত কৰি তুলিছে শ্রমিকসকলক৷ এক ঐতিহাসিক সিদ্ধান্তৰ জৰিয়তে ৰাজ্য চৰকাৰে ২০০ বছৰীয়া চাহ শ্রমিকক দাসত্বৰ পৰা মুক্তি দিয়াৰ লক্ষ্যৰে ভূমিস্বত্ব প্রদানৰ কাম বিধানসভা নির্বাচনৰ পূর্বেই আৰম্ভ কৰাৰ বাবেও লক্ষ্য নির্ধাৰণ কৰি লৈছে৷ সেই অনুসৰি জিলা উপায়ুক্তসকলক দিয়া হৈছে নির্দেশনা৷ জিলা প্রশাসনৰ নেতৃত্বতে হোৱা এই জৰীপত সহযোগ কৰিছে ৰাজহ বিভাগ আৰু চাহ বাগিচা কর্তৃপক্ষই৷