নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱা কাণ্ড : অজ্ঞাত স্থানৰ পৰা সামাজিক মাধ্যমত বিবৃতি সৌৰভৰ

নিউজ ডেস্ক, ৯ ডিচেম্বৰ : শনিবাৰে মাজনিশা গোৱাৰ এটা নৈশ ক্লাবত সংঘটিত ভয়াৱহ অগ্ণিকাণ্ডৰ ফলত এই পর্যন্ত ২৫জন লোকৰ মৃত্যু ঘটিছে আৰু নৈশ ক্লাবটোৰ মালিক সৌৰভ লুথৰা অগ্ণিকাণ্ড সংঘটিত হোৱাৰ পিছৰ পৰা পলাতক অৱস্থাত আছে৷ ইতিমধ্যে আৰক্ষীয়ে তেওঁৰ সন্ধানত বিভিন্ন ঠাইত তালাচী অভিযান চলাইছে৷ আনকি, লুকআউট ন’টিচো জাৰি কৰা হৈছে৷

এই ঘটনাৰ ২৪ ঘণ্টা পিছত প্রথমবাৰৰ বাবে অগ্ণিকাণ্ড সন্দর্ভত দুখ প্রকাশ কৰি মুখ খোলে নৈশ ক্লাবটোৰ মালিক সৌৰভ লুথৰাই৷ তেওঁ অগ্ণিকাণ্ডটোত নিহত হোৱা ২৫জন লোকৰ ওচৰত থকাৰ বার্তা প্রেৰণ কৰে৷ কালি তেওঁ আত্মগোপন কৰি থকা ঠাইৰ পৰা নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত এটা প’ষ্ট কৰে৷ এই প’ষ্টটোত তেওঁ জনায় যে অগ্ণিকাণ্ডৰ ঘটনাত তেওঁ গভীৰভাৱে শোকাহত আৰু মর্মাহত৷ ক্ষতিগ্রস্তসকলক সকলো প্রকাৰৰ সহায় আৰু সহযোগিতাৰ আশ্বাস দিয়ে তেওঁ৷

উল্লেখ্য যে শনিবাৰে মাজনিশা নৈশ ক্লাবৰ ৰান্ধনী ঘৰত সংঘটিত চিলিণ্ডাৰ বিস্ফোৰণৰ পিছত ভয়াৱহ অগ্ণিকাণ্ড সংঘটিত হয়৷ অগ্ণিকাণ্ডত ক্লাবৰ ২০জন কর্মীসহ ২৫জন লোকৰ মৃত্যু হয়৷ মৃত লোকসকলৰ ভিতৰত তিনিজন অসমৰো আছে৷ অগ্ণিকাণ্ডৰ ঘটনা সন্দর্ভত এফআইআৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ দেওবাৰেই নৈশ ক্লাবটোৰ জেনেৰেল মেনেজাৰসহ ৪জন লোকক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ নৈশ ক্লাবটোৰ মালিকৰ বিৰুদ্ধেও গ্রেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে যদিও ঘটনাৰ পিছৰ পৰা তেওঁৰ সন্ধান লাভ কৰিব পৰা নাই৷ এই ঘটনা সন্দর্ভত নৈশ ক্লাব কর্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থাপনাৰ গাফিলতিৰ অভিযোগ উঠিছে৷

You might also like