নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত ‘‘ধুবুৰী জিলা দিৱস’’ উদযাপন

নিয়মীয়া বাৰ্তা, ১ জুলাইঃ আজিৰ ধুবুৰী জিলাৰ প্ৰতিষ্ঠাৰ দিনটোৰ সৈতে সংগতি ৰাখি আজি জিলা প্ৰশাসনৰ উদ্যোগত ধুবুৰীস্থ আৰক্ষী চাউনীৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্য্যসূচীৰে ‘‘ধুবুৰী জিলা দিৱস’’ উদযাপন কৰা হয়। ধুবুৰীৰ জিলা উপায়ুক্ত অন্বামুথন এম পিৰ বন্তি প্ৰজ্বলনৰে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ ঘটা এই কাৰ্য্যসূচীত ধুবুৰী জিলাৰ ইতিহাস আৰু ঐতিহ্যক সামৰি এখন আলোচনা চক্ৰ অনুষ্ঠিত হ’য়৷ মনোজ্ঞ সেই আলোচনা চক্ৰখনত সমল ব্যক্তিৰূপে উপস্থিত থকা উপস্থিত থাকি ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মুদ্ৰা বিশেষজ্ঞ শংকৰ কুমাৰ বসুৱে বিশিষ্ট বক্তা হিচাপে ধুবুৰী তথা পুৰণি গোৱালপাৰা জিলাৰ ইতিহাসৰ বহু নজনা বিষয়ৰ ওপৰত আলোকপাত কৰে। আজিৰ ‘‘ধুবুৰী জিলা দিৱস’’ৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হয় এখনি চিত্ৰাঙ্কন আৰু ক্যুইজ প্ৰতিযোগিতাও। বিয়লি ৪ বজাৰ পৰা জিলাখনৰ বৰ্ণিল সংস্কৃতিৰ প্ৰদৰ্শনেৰে অনুষ্ঠিত হয় জীপাল এক সাংস্কৃতিক জীপাল। অন্তত দিনত অনুষ্ঠিত হোৱা চিত্ৰাঙ্কন আৰু ক্যুইজ প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰসমূহ বিতৰণৰ পিছত আজিৰ ধুবুৰী জিলা দিৱসৰ আজিৰ বৰ্ণিল কাৰ্য্যসূচীৰ অন্ত পৰে। আজিৰ এই কাৰ্য্যসূচীত বিশিষ্ট অতিথি হিচাপে বুৰী পৌৰসভাৰ সভাপতি ডাঃ দেৱময় সান্যাল, প্ৰাক্তন মন্ত্ৰী নজিবুল ওমৰ, ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিত গুৰাৱ, জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস আৰু ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীকে ধৰি অন্যান্য মান্যগণ্য ব্যাক্তি উপস্থিত আছিল। উল্লেখ্য যে, ১৯৮৩ চনৰ আচিৰ ১ জুলাইৰ দিনটোতেই আনুষ্ঠানিক ভাৱে ধুবুৰী জিলা গঠন কৰা হৈছিল৷ ইয়াৰ পূৰ্বে ধুবুৰী গোৱালপাৰা জিলাৰ অন্তৰ্গত আছিল আৰু বৰ্তমানে ধুবুৰী জিলাৰ সদৰ ধুবুৰী চহৰ তেতিয়াৰ অবিভক্ত গোৱালপাৰা জিলাৰো সদৰ ঠাই আছিল। ইয়াতে উনুকিয়াব ল’গা বিষয়টো হ’ল যে, স্বাধীনতাৰ বহু পূৰ্বে ১৮৭৬ চনতেই ব্ৰিটিছে অবিভক্ত গোৱালপাৰা জিলা গঠন কৰিছিল আৰু ১৮৭৯ চনত জিলাখনৰ সদৰ গোৱালপাৰাৰ পৰা ধুবুৰীলৈ স্থানান্তৰিত কৰিছিল। ১৯৮৩ চনত অবিভক্ত গোৱালপাৰা জিলাৰ এটা অংশ সাঙুৰি ধুবুৰী জিলা গঠন কৰা হৈছিল আৰু তেতিয়াৰ পৰাই পূৰ্বৰ গোৱালপাৰা জিলাৰ সদৰ ধুবুৰী বৰ্তমানৰ ধুবুৰী জিলাৰ সদৰ ঠাই ৰূপে মান্যতা পাইছিল। ২০১৬ চনত ধুবুৰী জিলাক পুনৰ ভাগ কৰি দক্ষিণ শালমাৰা মানকাচৰ জিলা গঠন কৰা হৈছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like