নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা যুদ্ধত বৃহৎ সাফল্যৰ দিশে ভাৰত, সুস্থতাৰ হাৰ প্রায় ৯০ শতাংশ

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰঃ বিগত ২৪ ঘণ্টাত ভাৰতত ক’ৰোনা আক্রান্তৰ সংখ্যা ৫০ হাজাৰৰো বেছি। কিন্তু মৃত্যুৰ সংখ্যা ৫৭৮। ভাৰতত ক’ৰোনা আক্রান্তৰ সংখ্যা মুঠ ৭৮.৬ লাখ। মৃত্যুৰ সংখ্যা ছুইছে ১,১৮,৫৩৪।

মহাৰাষ্ট্র কর্ণাটক আৰু তামিলনাডুত ক’ৰোনা আক্রান্তৰ সংখ্যা ক্ৰমে হ্ৰাস পাবলৈ ধৰিছে। আনহাতে কেৰালাত আকৌ ক’ৰোনা আক্রান্তৰ সংখ্যাৰ গ্রাফ পুনৰ ঊর্ধ্বমুখী হ’ব ধৰিছে। বিগত সাত দিনে ভাৰতত ক’ৰোনা আক্রান্তৰ সংখ্যা সাত লাখৰ তলত আছে।

You might also like