নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎসৱৰ বতৰত সেনা জোৱানক শ্ৰদ্ধা জনাই মাটিৰ চাকি জ্বলোৱাৰ আহ্বান প্রধানমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰঃ ‘মন কি বাত’ অনুষ্ঠানত দেশবাসীক ‘বিজয়া দশমী’ তথা দশেৰাৰ শুভেচ্ছা জনালে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। প্রধানমন্ত্রীগৰাকীয়ে আৰম্ভণিতে কয়, “সমূহ দেশবাসীলৈ বিজয়া দশমী তথা দশেৰাৰ শুভেচ্ছা। এই উৎসৱত মই এটাই বার্তা দিম, এই যুদ্ধ আমি জিকিমেই।”

লগতে ‘মন কি বাত’ অনুষ্ঠানতে সচেতনভাবে উৎসৱ পালনৰ বাবে দেশবাসীক ধন্যবাদ জনাই প্রধানমন্ত্রী মোদীয়ে। সমান্তৰালকৈ আহি থকা দিনবোৰতো আৰু অধিক সতর্ক হৈ থকাৰ পৰামর্শ দিয়ে মোদীয়ে।

আনহাতে উৎসৱৰ আনন্দৰ মাজত যাতে দেশৰ জনতাই সীমান্তত দেশৰ বীৰ সন্তানসকলৰ কথা পাহৰি নাযায় সেই কথাও তুলি ধৰে প্রধানমন্ত্রীগৰাকীয়ে। উৎসৱকালীন সময়তো সীমান্তত সুৰক্ষাৰ দায়িত্বত থকা জোৱানসকলৰ বাবে নিজ নিজ ঘৰত মাটিৰ চাকি জ্বলোৱাৰ আহ্বান জনাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে।

You might also like