নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্বান শিক্ষকেহে এখন বিশ্ববিদ্যালয় গঢ়িব পাৰেঃ অধ্যাপক জগদীশ মুখী

নগাঁও কলেজ (অট'নমাচ) ত দুলাল চন্দ্র গোস্বামী গৱেষণা বঁটা প্ৰদান:

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ অসম চৰকাৰে নগাঁও কলেজ (অট’নমাচ) ক বিশ্ববিদ্যালয়ৰ মৰ্যাদা প্ৰদান কৰাৰ ঘোষণাৰ পিচত প্ৰথমবাৰৰ বাবে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে আজি কলেজত অধ্যক্ষ,অধ্যাপক-অধ্যাপিকা, ছাত্ৰ- ছাত্ৰীৰ সৈতে এক মত বিনিময় অনুষ্ঠানত ভাগ লয়। সংস্কৃত বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বৈদিক মন্ত্ৰেৰে আৰম্ভ হোৱা এই মত বিনিময় অনুষ্ঠানৰ আঁত ধৰে নগাঁও কলেজ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্র চুতীয়াই আৰু অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে আদৰণি ভাষণ প্ৰদান কৰে। এই মত বিনিময় অনুষ্ঠানত ভাগ লৈ অধ্যাপক মুখীয়ে বিদ্বান শিক্ষকেহে এখন বিশ্ববিদ্যালয় গঢ়িব পাৰে বুলি মন্তব্য কৰে। অধ্যাপক মুখীয়ে লগতে কয় যে ভাৰতৰ ইতিহাসত গছৰ তলত বহি শিক্ষা গ্ৰহণ কৰাৰ পৰম্পৰা বিদ্যমান।

মুখীয়ে মত বিনিময় অনুষ্ঠানত নতুন শিক্ষা নীতি, ২০২০ ৰ লগত সংগতি ৰাখি অট’নমাচ কলেজ হিচাপে অনতিপলমে পাঠ্যসূচী প্ৰস্তুত কৰিবৰ বাবে অধ্যক্ষ, অধ্যাপক-অধ্যাপিকাক আহ্বান জনায়। অধ্যাপক মুখীয়ে বিশ্ববিদ্যালয় এখনে গৱেষণাত অধিক অগ্ৰাধিকাৰ দিয়া উচিত আৰু গৱেষণা আৰুr শিক্ষকতা পৰস্পৰ নিৰ্ভৰশীল বুলি উল্লেখ কৰে। অধ্যাপক মুখীয়ে ছাত্ৰ- ছাত্ৰীৰ সৈতে মত বিনিময় অনুষ্ঠানত ভাগ লৈ নীতি-আদৰ্শেৰে শিক্ষানুষ্ঠানখনৰ মান-মৰ্যাদাৰ লগতে ভৱিষ্যতে সুনাগৰিক হোৱাৰ আহ্বান জনায়। এই অন্তৰঙ্গ অনুষ্ঠানতে অধ্যাপক মুখীয়ে ছাত্ৰ-ছাত্ৰীক দলীয় ৰাজনীতিৰ পৰা বিৰত থাকি শিক্ষানুষ্ঠান এখনৰ সৰ্বাঙ্গীন উন্নতিৰ হকে কাম কৰাৰ বাবে আহ্বান জনায়। আজিৰ এই মত বিনিময় অনুষ্ঠানৰ লগত সংগতি ৰাখি নগাঁও কলেজ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ উদ্যোগত দুলাল চন্দ্র গোস্বামী স্মাৰক ন্যাসে গৱেষক আৰু ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ পৰীক্ষিত গগৈক গুণগত গৱেষণা আৰু গৱেষণা পত্ৰ প্ৰকাশৰ বাবে ২০২১ বৰ্ষৰ দুলাল চন্দ্র গোস্বামী স্মাৰক গৱেষণা বঁটা হিচাপে নগদ ৩০,০০০ টকা আৰু এখন মানপত্ৰ অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে প্ৰদান কৰে।

এই অনুষ্ঠানতে নগাঁও কলেজ (অট’নমাচ)ৰ হিন্দী বিভাগৰ সহকাৰী অধ্যাপিকা কৰবী দেৱীয়ে প্ৰকাশ কৰি উলিওৱা ‘হিন্দী কী নই কাহানিয়ো মে নাৰী কা মনোবিশ্লষণ’ শীর্ষক গ্ৰন্থখন অধ্যাপক মুখীয়ে উন্মোচন কৰে। কলেজৰ অধ্যক্ষ বৰকটকীয়ে আদৰণি ভাষণত নগাঁও কলেজৰ ইতিহাস, বৰ্তমান আৰু বিশ্ববিদ্যালয় যাত্ৰাৰ এক অৱলোকন দাঙি ধৰে। আজিৰ এই অনুষ্ঠানত ৰাজ্যপালৰ সচিব স্বপ্নালী দত্ত, নগাঁও জিলাৰ উপায়ুক্ত হাইভেৰে নিচাৰ্গ গৌতম, আৰক্ষী অধীক্ষক, দুলাল গোস্বামী স্মাৰক ন্যাসৰ দাতা চিকিৎসক ডা: মুকুট গোস্বামী, অধ্যাপক-অধ্যাপিকা, অনা শিক্ষক কৰ্মচাৰী, নগাঁও কলেজ ছাত্ৰ একতা সভাৰ বিষয়ববীয়া, এন. চি. চি, এন. এছ. এছৰ সদস্য উপস্থিত থাকে। ৰাজ্যপাল জগদীশ মুখীক আজি নগাঁও কলেজ (অট’নমাচ) ৰ কতৃপক্ষ, জিলা প্ৰশাসন, নগাঁও কলেজ শিক্ষক পৰিষদ, নগাঁও কলেজ প্ৰাক্তন ছাত্ৰ সন্মিলনী, নগাঁও কলেজ অনা শিক্ষক কৰ্মচাৰী সংস্থা, নগাঁও কলেজ মহিলা কোষ আৰু নগাঁও কলেজ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা সম্বৰ্দ্ধনা প্ৰদান কৰে।

You might also like