নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধূমপান-মদ্যপান কৰিছে দেৱীয়ে! বিকৃত ছবি তুলি গ্রেপ্তাৰ ফটোগ্রাফাৰ

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ: হিন্দু দেৱীৰ কেইখনমান ফটোক লৈ তোলপাৰ লাগিছে ছ’চিয়েল মিডিয়াত। কেৰালাৰ এগৰাকী ফটোগ্রাফাৰৰ কাণ্ডত হতবাক হৈ পৰিছে সকলো। বিতৰ্কিত ফটো তুলি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল ফটোগ্রাফাৰজন।

উল্লেখ্য যে হিন্দু দেৱ-দেৱীক লৈ ব্যংগ চিত্র তৈয়াৰ কৰা এয়া কোনো নতুন কথা নহয়। পূৰ্বতেও এনে ঘটনা বহুবাৰ পোহৰলৈ আহিছে। স্মৰ্তব্য যে ফটোগ্রাফাৰজনে তোলা সেই বিশেষ ফটোকেইখনত দেৱীয়ে ধূমপান আৰু মদ্যপান কৰিছিল। আৰু সেই ফটো ছ’চিয়েল মিডিয়াত বয়পি পৰাৰ লগে লগেই ধর্মীয় আবেগত আঘাত হনাৰ অভিযোগ উঠিছিল ফটোগ্ৰাফাৰজনৰ বিৰুদ্ধে। অৱশেষত ফটোগ্ৰাফাৰজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আনহাতে বৰ্তমান সেই বিকৃত ফটোসমূহ সামাজিক মাধ্যমৰ পৰা আতৰাই দিয়া হৈছে।

You might also like