নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড প্র’টকলৰ মাজতে দেৱীক বিদায়ঃ মহানগৰীত তিনি শতাধিক প্রতিমা বিসর্জন

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ: ক’ৰোনা মহামাৰীৰ বাবে এইবাৰ সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ম্লান পৰিছে শাৰদীয় দুর্গোৎসৱৰ আনন্দ–উল্লাস৷ দুর্গোৎসৱৰ পৰম্পৰা অনুসৰি মহানগৰীত পূজা সমিতিসমূহে অনুষ্টুপীয়াকৈ আয়োজন কৰা পূজাৰ বিজয়া দশমী৷ ধর্মীয় পৰম্পৰা অনুসৰি সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো দেৱী দুর্গাৰ প্রতিমূর্তি বিসর্জন দিয়া হয়৷ জিলা প্রশাসনে বান্ধি দিয়া ক’ভিড প্রট’কলৰ মাজতে পূজা সমিতিসমূহৰ সদস্যসকলে শৃংখলাবদ্ধভাৱে দেৱীৰ প্রতিমূর্তি বিসর্জন দিয়া পৰিলক্ষিত হয়৷

মহানগৰীৰ কাছমাৰী, পাণ্ডু আৰু চূণচালি ঘাটকে ধৰি চন্দ্রপুৰ, বশিষ্ঠ আৰু পশ্চিম গুৱাহাটীৰ দেৱীৰ প্রতিমূর্তি বিসর্জন দিয়া হয়৷ বিজয়া দশমীৰ দিনা মহানগৰীৰ কাছমাৰী ঘাটত প্রায় আঢ়ৈশ পূজা সমিতিয়ে প্রতিমূর্তি বিসর্জন দিয়ে৷ উল্লেখ্য যে এইবেলি মহানগৰীত প্রশাসনৰ অনুমতিপ্রাপ্ত ৪৬৬খন পূজা সমিতিয়ে অনুষ্টুপীয়াকৈ পূজাৰ আয়োজন কৰাৰ উপৰি অর্ধশতাধিক লোকে ব্যক্তিগতভাৱে পূজা অনুষ্ঠিত কৰে৷

অৱশ্যে অৱশিষ্ট পূজা সমিতিয়ে কাইলৈ বিসর্জন প্রক্রিয়া সমাপন কৰিব বুলি জিলা প্রশাসনৰ এক সূত্রই জানিবলৈ দিছে৷ মন কৰিবলগীয়া কথা এই যে এইবেলি কাছমাৰী ঘাটত এ বি আৰু চি ৰেখাত ভাগে ভাগে প্রতিমূর্তি বিসর্জন দিয়াৰ বাবে জিলা প্রশাসনে সুব্যৱস্থা কৰে৷

ইপিনে পাণ্ডু ঘাটত দুদিনীয়াকৈ প্রতিমা বিসর্জনৰ আয়োজন কৰা হৈছে৷ বিজয়া দশমীৰ পৰম্পৰা অনুসৰি কালি সন্ধিয়া প্রায় ৭.৩০ বজালৈ পাণ্ডু ঘাটত ৫৫টা প্রতিমা বিসর্জন দিয়ে৷

You might also like