নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭০০ কয়দীৰ মাজত এটা টিভি, জেলত এনেদৰে দিন পাৰ কৰিছিল অৰ্ণৱে

নিয়মীয়া বাৰ্তা ১৭ নৱেম্বৰঃ  ৰিপাব্লিক টিভিৰ এডিটিৰ ই-চিফ অৰ্ণৱ গোস্বামীক পুৰণি গোচৰত অভিযুক্ত হিচাপে যোৱা ৪ নৱেম্বৰত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তালোজা চেণ্ট্ৰল জেলত নিক্ষেপ কৰিছিল। তালোজা চেণ্ট্ৰেল জেল অপৰাধীৰ নতুন ৰম্যভূমি বুলিও জনা যায়।

লগতে পঢ়কঃ মার্কিন ৰাষ্ট্রপতি হিচাপে কি কি সুবিধা পাব জ’ বাইডেনে, জানেনে?

উচ্চতম ন্যায়ালৰ পৰা জামিনত মুক্তি লাভ কৰাৰ পিছত গোস্বামীয়ে জেলৰ ভিতৰত থকা দিনকেইটাৰ বৰ্ণনা দিয়ে। উল্লেখ্য যে তালোজা চেণ্ট্ৰল জেলত আবু চালেম আৰু আবু জিন্দালৰ দৰে অপৰাধী আছিল।

অৰ্ণৱে কয় যে তেওঁ যিটো চেলত আছিল তাৰ পৰা ২০ মিটাৰ দূৰত এটা টিভি আছিল। সেই টিভিটো ৭০০ কয়দীৰ সৈতে উপভোগ কৰিব লগীয়া হৈছিল । তেওঁ টিভিত একো দৃশ্য দেখিবলৈ পোৱা নাছিল কিন্তু শব্দ শুনিবলৈ পাইছিল।

গোস্বামীয়ে আৰু কয় যে সৰ্বসাধাৰণে তেওঁক ইমান ভাল পাইছিল যে প্ৰায়েই খাদ্য লৈ আহিছিল। অৰ্ণৱৰ মতে ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতিৰ সাঁজ বাহিৰৰ পৰা আহিছিল।

অৰ্ণৱৰ মতে জেলত থকা দিনকেইটা তেওঁৰ সকলোতকৈ সাৰ্থক দিন। প্ৰতিটো দিনেই তেওঁৰ বাবে স্মৰণীয় হৈ ৰ’ব।

লগতে পঢ়কঃ বৰঝাৰ বিমান বন্দৰত গ্ৰেপ্তাৰ ১১টাকৈ ভুৱা সেনা জোৱান

You might also like