নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত বাঁহীৰ সুৰে মতলীয়া কৰিছে গোপীক

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: সমাগত ৰাস মহোৎসৱ৷ ক’ভিডৰ আতংকৰ মাজতো মাজুলীৰ বহু ৰাস মঞ্চত পূর্ণোদ্যমে চলিছে ৰাসৰ আখৰা৷ ক’ভিড–১৯ৰ বাবে ভয়, শংকা, প্রশাসনৰ নীতি আদিয়ে ৰাস উদযাপন কৰা সম্পর্কে সকলো ৰংগমঞ্চ, সত্র অনুষ্ঠানক সিদ্ধান্ত গ্রহণত ভিন্নতা আনিছিল যদিও শেহতীয়াকৈ মাজুলীৰ এখনৰ পাছত এখন মঞ্চ আৰু এখনৰ পাছত এখন সত্রই ৰাস উদযাপনৰ সিদ্ধান্ত গ্রহণ কৰাত মাজুলীত পূর্বৰ দৰেই ৰাস উৎসৱ উদযাপন হোৱাটো নিশ্চিত হৈ পৰিছে৷ বিশেষকৈ দীপাৱলীৰ সময়তে মাজুলীত দেখা গ’ল এক সুকীয়া বাতাৱৰণ৷ ৰংগমঞ্চসমূহক এনে সিদ্ধান্ত গ্রহণত সহায় কৰিলে আউনীআটী সত্রৰ পালনাম অনুষ্ঠানে৷

ইতিমধ্যে মাজুলীৰ মঞ্চসমূহত চলিছে আখৰা৷ খোল, তাল, বাঁহীৰ সুৰে এতিয়া মাজুলীত সৃষ্টি কৰিছে এক অনন্য পৰিৱেশৰ৷ ৰাসৰ নাট মেলাৰ পোন্ধৰ দিনৰ পিছত ৰাস উদযাপন সমিতিসমূহে সিদ্ধান্ত গ্রহণৰ পিছত এতিয়া মাজুলীবাসীৰ ব্যস্ততাৰ সীমা নাই৷ তাতে মাজুলীত দীর্ঘ বিৰতিৰ পিছত সাতজনীয়া এটা বিদেশী পর্যটকৰ দলে মাজুলীত পদার্পণ কৰাৰ পিছত দুগুণ উৎসাহেৰে আখৰাত নামি পৰিছে উদ্যাপন সমিতিসমূহ৷ পূব মাজুলীৰ কঢ়াল গাঁও, বনগাঁও, গায়নগাঁও, চামগুৰি সত্র, কমাৰ গাঁও, মুদৈবিলকে ধৰি প্রতিটো মঞ্চ এতিয়া সাজু হৈ উঠিছে৷

অৱশ্যে ক’ভিড–১৯ৰ প্রট’কল মানি চলি ৰাস উদযাপনৰ বাবে পণ লোৱা মঞ্চ সমূহে সম্ভাব্য ব্যয়ৰ জোৰা মাৰিবৰ বাবে নিজ নিজ এলেকাৰ সুধী সমাজৰ পৰা সহায় লাভ কৰিছে৷ যিহেতু ৫০ শতাংশ দর্শকেৰে ৰাস উদযাপন হ’ব, সেয়ে খৰচৰ জোৰা মাৰিবলৈ হাত উজান দিছে আর্থিকভাৱে সচ্ছল পৰিয়ালসমূহে৷ দান–বৰঙণি সংগ্রহ কৰি হ’লেও পূর্বৰ উৎসাহেৰে মাজুলীত হ’ব ৰাস উৎসৱ৷

You might also like