নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূর্তি বিসর্জন দিব লাগিব কৃত্রিম পুখুৰীত

🔹 বোম্বে উচ্চ ন্যায়ালয়ৰ নির্দেশ

নিউজ ডেস্ক, ২৫ জুলাই : ধর্মীয় উৎসৱৰ সময়ত মূর্তি বিসর্জনৰ ক্ষেত্রত পৰিৱেশ ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বোম্বে উচ্চ ন্যায়ালয়ে পৰিৱেশ বন্ধুত্বমূলক বিসর্জনৰ নির্দেশ দিছে৷

চলিত বর্ষত আৰম্ভ হ’বলগীয়া গণেশ চতুর্থীৰ সময়ৰে পৰা এই নির্দেশ কার্যকৰী কৰিব লাগিব৷ গণেশ মূর্তি ৬ ফুট উচ্চতাৰ মাজত ৰাখি কৃত্রিম পুখুৰীত এই মূর্তি বিসর্জন দিব লাগিব বুলি বোম্বে উচ্চ ন্যায়ালয়ে নির্দেশ জাৰি কৰিছে৷

মুখ্য ন্যায়াধীশ আলোক আৰাধে আৰু ন্যায়াধীশ সন্দীপ মাৰনেৰ বিচাৰপীঠে মূর্তি বিসর্জনৰ ক্ষেত্রত পৰিৱেশৰ ওপৰত আনিবলগীয়া প্রদূষণ হ্রাস কৰাৰ ওপৰত গুৰুত্ব দি পৰিৱেশ বন্ধুত্বমূলক বিসর্জনৰ নির্দেশ দিয়ে৷ অহা ২৭ আগষ্টত আৰম্ভ হ’বলগীয়া গণেশ চতুর্থীৰ পৰা এই নির্দেশনা অহা বর্ষৰ মার্চলৈ বাহাল থাকিব বুলিও বিচাৰপীঠে স্পষ্ট কৰি দিয়ে৷ সকলো ধর্মীয় উৎসৱ, য’ত মূর্তি বিসর্জনৰ প্রক্রিয়া থাকে সেই উৎসৱত এই নির্দেশ কার্যকৰী হ’ব৷

You might also like