নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাত্র ৪ মাহতে মৃত্যু ঘটিছে ২০ বাঘ-৩০ চিতাৰ

🔹 বন্যপ্রাণীক লৈ মহাৰাষ্ট্র চৰকাৰৰ উদ্বেগজনক তথ্য

নিউজ ডেস্ক, ৬ জুলাই : ৰাজ্যৰ বন্যপ্রাণীক লৈ উদ্বেগজনক তথ্য প্রকাশ কৰিছে মহাৰাষ্ট্র চৰকাৰে৷ মহাৰাষ্ট্র বিধানসভাত বনমন্ত্রী গণেশ নায়কে দাখিল কৰা প্রতিবেদনত উল্লেখ কৰা মতে বিগত ৪ মাহতে ২০টা বাঘৰ মৃত্যু হৈছে৷ মৃত্যু হৈছে ৪০টা চিতা আৰু ৬১টা অন্য জন্তুৰ৷ বিধানসভাত বিৰোধীৰ লিখিত প্রশ্ণৰ উত্তৰ দি বনমন্ত্রীগৰাকীয়ে এই উদ্বেগজনক তথ্য প্রকাশ কৰিছে৷

মৃত্যু ঘটা ২২টা বাঘৰ ভিতৰত ১৩টাৰ প্রাকৃতিক কাৰণত মৃত্যু হোৱাৰ বিপৰীতে ৪টা বাঘৰ বৈদ্যুতিক শ্বক লাগি মৃত্যু হৈছে৷ ৪টাৰ গাড়ী, ৰে’ল আৰু কুঁৱাত পৰি মৃত্যু হৈছে৷ বাকী এটা বাঘৰ মৃত্যুৰ কাৰণ এতিয়াও জ্ঞাত হোৱা নাই৷

আনপিনে ৪০টা চিতাৰ ভিতৰত ৮টা প্রাকৃতিক কাৰণত আৰু ২০টাৰ দুর্ঘটনাজনিত কাৰণত মৃত্যু হৈছে৷ ৩টা চিতাক চোৰাং চিকাৰীয়ে হত্যা কৰিছে৷ আনপিনে ৬১টা আন বন্যপ্রাণীৰ ভিতৰত ২৩টা প্রাকৃতিক কাৰণত, ৪টা চোৰাং চিকাৰীৰ হাতত, ২৪টা ৰাস্তাৰ কুকুৰৰ আক্রমণত, ৪টা বৈদ্যুতিক শ্বক লাগি আৰু ২১টা প্রাণীৰ মৃত্যুৰ কাৰণ জ্ঞাত নহয়৷

লক্ষণীয় যে বন্যপ্রাণীৰ সৈতে সংঘাতত বিগত চাৰি মাহত ২১জন লোকৰো মৃত্যু হৈছে৷ বন্যপ্রাণীৰ মৃত্যু ৰোধ কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে৷

You might also like