নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন দীর্ঘদূৰত্বৰ ক্রুইজ মিছাইল পৰীক্ষণ উত্তৰ কোৰিয়াৰ

নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ ঘাতক ক’ভিড–১৯ক লৈ বিশ্বৰ দেশসমূহে যুঁজ দি থকাৰ সময়তে উত্তৰ কোৰিয়াই পৰীক্ষণ চলালে দীর্ঘদূৰত্বৰ ক্রুইজ মিছাইলৰ৷ বিগত দুবছৰ ধৰি বিকশিত কৰিব পৰা ১৫০০ কিলোমিটাৰ দূৰলৈ নিক্ষেপ কৰিব পৰা ক্রুইজ মিছাইলৰ সফল পৰীক্ষণ উত্তৰ কোৰিয়াই সমাপ্ত কৰা বুলি কোৰিয়ান চেণ্ড্রেল নিউজ এজেঞ্চীয়ে প্রকাশ কৰিছে৷ ট্রাকৰ পৰা নিক্ষেপ কৰিব পৰা এই ক্রুইজ মিছাইলটোৱে পাৰমাণৱিক অস্ত্র কঢ়িয়াব পাৰে৷

নিউজ এজেঞ্চীৰ তথ্য মতে যোৱা শনিবাৰ আৰু দেওবাৰে উত্তৰ কোৰিয়াই এই মিছাইলটোৰ সফল পৰীক্ষণ কৰে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ সৈতে পাৰমাণৱিক নিৰস্ত্রীকৰণ সন্দর্ভত আলোচনা দীর্ঘদিন ধৰি চলাই থকাৰ মাজতে উত্তৰ কোৰিয়াৰ একছত্রী শাসক কিম জং উনে নিজৰ দেশৰ সামৰিক বাহিনীক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এই ক্রুইজ মিছাইল বিকশিত কৰি সংগোপনে পৰীক্ষণ চলালে৷ এই লৈ বিশ্বজুৰি প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

You might also like