নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ প্রবল বৰষুণক লৈ আগজাননী : পাহাৰীয়া ৰাজ্যসমূহত ভয়াৱহ ভূমিস্খলন

নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ : আগষ্টৰ দৰেই ছেপ্টেম্বৰ মাহতো প্রবল বৰষুণে উত্তৰ ভাৰতৰ ৰাজ্যসমূহলৈ ভাবুকি নমাই আনিব৷ প্রধানতঃ পাহাৰীয়া জিলাসমূহত ভূমিস্খলন, ডাৱৰ বিস্ফোৰণ আৰু প্রলয়ংকৰী বানে জনজীৱনলৈ হাহাকাৰ পৰিস্থিতি কঢ়িয়াই আনিব পাৰে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ছেপ্টেম্বৰ মাহত প্রবল বৰষুণক লৈ এনেদৰে আগজাননী দিছে৷

স্বাভাৱিক বৰষুণতকৈ অধিক বৰষুণ হ’ব ছেপ্টেম্বৰ মাহত৷ দিল্লীৰ পৰা হিমালয়ান অঞ্চলসমূহত ২০০১ চনৰ পিছত আগষ্ট মাহত সর্বাধিক বৰষুণ হৈছে৷ ছেপ্টেম্বৰ মাহৰ প্রথম পষেকত প্রবল বৰষুণে প্রাকৃতিক বিপর্যয় নমাই অনাৰ পূর্ণ সম্ভাৱনা আছে বুলিও বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰিছে৷

উল্লেখ্য যে আগষ্ট মাহত হিমাচল প্রদেশ, উত্তৰাখণ্ড, জম্মু–কাশ্মীৰ, পঞ্জাব আদিত ডাৱৰ বিস্ফোৰণৰ ফলত ভূমিস্খলনে শতাধিক লোকৰ প্রাণ কাঢ়ি নিয়াৰ লগতে আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতিসাধন কৰিছে৷ উত্তৰাখণ্ডৰ ধাৰালিৰ পৰা জম্মু–কাশ্মীৰলৈকে ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্ট জলপ্রলয়ে বহুজন লোকৰ জীৱন কাঢ়ি নিয়াৰ লগতে বাট–পথ, বিশেষকৈ যাতায়াত সম্পূর্ণৰূপে বিধ্বস্ত কৰি তুলিছে৷ প্রবল বৰষুণৰ বাবে কৃষিখণ্ডত বিস্তৰ ক্ষতিসাধন হ’ব৷ জলভাণ্ডাৰসমূহ ওফন্দি উঠি বানৰ সৃষ্টি কৰাত নতুন নতুন ঠাই জলমগ্ন হৈ পৰিব৷ ইয়ে জনস্বাস্থ্যৰ প্রতি ভাবুকি কঢ়িয়াই অনাৰ লগতে আন্তঃগাঁথনি বিধ্বস্ত কৰিব৷ যাতায়াত ব্যৱস্থা ব্যাহত হ’ব৷

উল্লেখ্য যে ১৯৮০ চনৰ পৰাই ছেপ্টেম্বৰ মাহত বৰষুণ ক্রমাগতভাৱে বৃদ্ধি পাই আহিছে৷ বিগত বর্ষতো স্বাভাৱিকতকৈ অধিক বৃষ্টিপাত হৈছিল৷

You might also like