ছুডানত ভয়াৱহ ভূমিস্খলনত কমেও ১০০০ লোকৰ প্ৰাণহানি, মৃত্যু উপত্যকাত পৰিণত এখন গাঁও
নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ : আফ্ৰিকান ৰাষ্ট্ৰ ছুডানত ভয়াৱহ ভূমিস্খলনৰ এক শোকাৱহ ঘটনা সংঘটিত হৈছে। পশ্চিম ছুডানৰ দাৰফুৰ অঞ্চলৰ এখন পাহাৰীয়া গাঁও ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে। দেশখনৰ বিদ্ৰোহী সংগঠন দ্য ছুডান লিবাৰেচন মুভমেণ্টে এই ঘটনাত কমেও ১০০০ লোকৰ মৃত্যু হোৱা বুলি দাবী কৰিছে। পাহাৰীয়া গাঁওখনৰ মাত্ৰ এজন বাসিন্দাৰহে কথমপি প্ৰাণৰক্ষা পৰিছে বুলি জানিব পৰা গৈছে।
ছুডানৰ বিদ্ৰোহী সংগঠনটোৱে জনোৱা মতে, বিগত কিছুদিন ধৰি হোৱা প্ৰচণ্ড বৰষুণৰ পিছত ৩১ আগষ্টত মাৰা পৰ্বতমালা অঞ্চলৰ টাৰাচিন গাঁৱত ভয়াৱহ ভূমিস্খলনৰ ঘটনাটো সংঘটিত হয়। ভয়াৱহ এই ভূমিস্খলনৰ ঘটনাৰ পিছতে সমগ্ৰ গাঁওখন মৃত্যু উপত্যকাত পৰিণত হয় । অৱশ্যে পিছত এজন ব্যক্তিক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়। ভূমিস্খলনৰ ফলত মাটিৰ তলত পোত যোৱা মৃতদেহসমূহ উদ্ধাৰৰ বাবে ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহক বিদ্ৰোহী সংগঠন দ্য ছুডান লিবাৰেচন মুভমেণ্টে আহ্বান জনাইছে।
মন কৰিবলগীয়া যে ২০২৩ চনৰ পৰা ছুডান গৃহযুদ্ধত জৰ্জৰিত হৈ আছে। দেশখনৰ সশস্ত্ৰ বাহিনীৰ দুজন জেনেৰেল আব্দেল ফাত্তাহ আল বুৰহান আৰু জেনেৰেল মহম্মদ হামদান ডাগালোৱে ক্ষমতাৰ বাবে যুঁজি আছে। দুয়োজন জেনেৰেলৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘা, লুণ্ঠন, অত্যাচাৰ আৰু ধৰ্ষণত সহায় কৰাৰ অভিযোগ উত্থাপন হৈছে।
এই ভয়ংকৰ গৃহযুদ্ধৰ পৰা হাত সাৰিবলৈ বহু বাসিন্দাই মাৰা পৰ্বতমালাত আশ্ৰয় লৈছিল। ইয়াতেই প্ৰকৃতিৰ ক্ৰোধৰ বলি হৈছে সাধাৰণ জনতা। দাৰফুৰৰ সেনা সমৰ্থিত গৱৰ্ণৰ মিন্নি মিন্নাউৱে এই ভূমিস্খলনক “মানৱীয় বিপৰ্যয়” বুলি অভিহিত কৰিছে। যদিও এই ভয়ংকৰ ঘটনাৰ পিছত তাত হোৱা গৃহযুদ্ধৰ বাবে উদ্ধাৰ কামত বাধাৰ সৃষ্টি হৈছে।