নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ভুবনেশ্বৰৰ পৰা শিলচৰত উপস্থিত হ’ল এনডিআৰএফ দল

নিয়মীয়া বাৰ্তা, ২১ জুন: শিলচৰ বানাক্ৰান্তসকলক উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ভুবনেশ্বৰৰ পৰা শিলচৰত আহি উপস্থিত হৈছে এনডিআৰএফ দল ৷ ভুবনেশ্বৰৰ পৰা ৫৪ জন এনডিআৰএফ জোৱান অহা বায়ুসেনাৰ এ আই ৩২ বিমানখন অবতৰণ কৰিছে শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত ৷ উল্লেখ্য যে শিলচৰ চহৰত বানত আবদ্ধ লোকসকলৰ উদ্ধাৰ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷

 প্ৰতিবেদকঃ গৌতম তালুকদাৰ,শিলচৰ

You might also like