নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ-ৰাষ্ট্রপতিৰ চৌহদ এৰি দিল্লীৰ ব্যক্তিগত ফার্ম হাউছলৈ জগদীপ ধনখড়

নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ : দেশবাসীৰ মাজত চাঞ্চল্য সৃষ্টিৰে স্বাস্থ্যজনিত কাৰণত উপ–ৰাষ্ট্রপতি পদৰ পৰা পদত্যাগ কৰা জগদীপ ধনখড়ৰ প্রতিটো কর্মই এতিয়া চর্চাৰ বিষয় হৈ পৰিছে৷ শাসকীয় বিজেপিৰ প্রতি অভিমান কৰি প্রাক্তন কংগ্রেছী বিধায়ক হিচাপে পেন্সনৰ বাবে আবেদন কৰাৰ পাছত কালি প্রাক্তন উপ–ৰাষ্ট্রপতি ধনখড়ে দিল্লীৰ উপ–ৰাষ্ট্রপতিৰ চৌহদ খালী কৰি দিয়ে৷

চৰকাৰী নিয়ম অনুযায়ী প্রাক্তন উপ–ৰাষ্ট্রপতিৰ চৌহদ টাইপ–৮ বাংলোলৈ নগৈ প্রাক্তন উপ–ৰাষ্ট্রপতিগৰাকী দক্ষিণ দিল্লীৰ ছাটাৰপুৰৰ ব্যক্তিগত ফার্ম হাউছলৈ যায়৷ ব্যক্তিগত এই ফার্ম হাউছটো হৈছে আইএনএলডিৰ নেতা অভয় চৌতালাৰ৷ ছাটাৰপুৰৰ গদৈপুৰত থকা ফার্ম হাউছলৈ গৈ উপ–ৰাষ্ট্রপতিগৰাকীয়ে কেন্দ্রীয় চৰকাৰৰ প্রতি থকা ক্ষোভ প্রকাশ কৰিছে বুলি চর্চিত হৈছে৷

উল্লেখ্য যে চৰকাৰে প্ৰাক্তন উপ–ৰাষ্ট্রপতিৰ বাবে বাংলো আবণ্টন দিছে যদিও সেই বাংলোটোলৈ নগৈ ব্যক্তিগত বাংলোলৈ যোৱা বিষয়টোৱে অন্য ধৰণৰ ইংগিত দিছে৷

You might also like