নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাগজ্যোতিষ কলেজৰ প্রতিষ্ঠা দিৱস পালন, দীনেশ চন্দ্র গোস্বামীক পণ্ডিত তীর্থনাথ শর্মা, মলয়া গোস্বামীক নির্মলা দেৱী উৎকর্ষ বঁটা প্রদান

গুৱাহাটীৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ ৭২সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে মহাবিদ্যালয় কর্তৃপক্ষই সাহিত্য–শিক্ষা–সংস্কৃতি ক্ষেত্রলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিজ্ঞানী তথা বিশিষ্ট সাহিত্যিক ড০ দীনেশ চন্দ্র গোস্বামীক ‘পণ্ডিত তীর্থনাথ শর্মা উৎকর্ষ বঁটা’ আৰু বিশিষ্ট অভিনেত্রী তথা অধ্যাপক মলয়া গোস্বামীক ‘নির্মলা দেৱী উৎকর্ষ বঁটা’ প্রদান কৰা হয়৷

মহাবিদ্যালয়খনৰ প্রতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত দুয়োগৰাকী বিশিষ্ট ব্যক্তিক উক্ত বঁটাৰে সন্মানিত কৰা হয়৷ বঁটা গ্রহণ কৰি দিয়া ভাষণত ড০ দীনেশ চন্দ্র গোস্বামীয়ে কয় যে ছাত্র–ছাত্রীসকলে সদায় নিষ্ঠাৰে শিক্ষাগ্রহণ কৰিব লাগে৷ তদুপৰি তেওঁলোকে প্রতিদিনে বাহিৰা কিতাপ পঢ়িব লাগে আৰু পৰিৱেশ ৰক্ষা কৰিবলৈ যত্নপৰ হ’ব লাগে৷

আনগৰাকী বঁটাপ্রাপক মলয়া গোস্বামীয়ে ছাত্র–ছাত্রীসকলক উদ্দেশ্যি কয় যে তেওঁলোকে এনে কাম কৰিব লাগে যাৰ দ্বাৰা সমাজৰ লাভ হয় আৰু নিজেও প্রতিষ্ঠিত হয়৷ মলয়া গোস্বামীয়ে সদর্থক দৃষ্টিভংগীৰে জীৱনটো আগবঢ়াই নিবলৈ সকলোকে আহ্বান জনায়৷

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা হৃষীকেশ গোস্বামীয়ে সংস্কৃতি জাতিৰ পৰিচয় আৰু শিল্পীয়ে সমাজ নির্মাণ কৰে বুলি উল্লেখ কৰে৷ তদুপৰি তেওঁ দুগৰাকী গুণী ব্যক্তিক বঁটা প্রদান কৰাৰ বাবে প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ শলাগ লয়৷

এই অনুষ্ঠানতে মহাবিদ্যালয়ৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ শ্রেষ্ঠ স্নাতকসকলক বিশেষ বঁটা প্রদান কৰা হয়৷ তদুপৰি শ্রেষ্ঠ গৱেষণামূলক কার্যৰ স্বীকৃতি স্বৰূপে পদার্থ বিজ্ঞান বিভাগ আৰু অর্থনীতি বিভাগক বঁটা প্রদান কৰা হয়৷ লগতে শ্রেষ্ঠ গৱেষণা–পত্রৰ বাবে ড০ অমৰজ্যোতি দত্ত আৰু ড০ ইৰা দাসক সন্মান প্রদান কৰা হয়৷

কার্যসূচী অনুসৰি পুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ড০ মনোজ কুমাৰ মহন্তই আৰু ৯পণ্ডিত তীর্থনাথ শর্মাৰ আবক্ষ মূর্তিত মাল্যার্পণ কৰে ড০ নন্দিনী মৰল শর্মাই৷ অনুষ্ঠানৰ সামৰণিত অধ্যাপক সীমাশ্রী বৰাই শলাগৰ শৰাই আগবঢ়ায়৷

Niyomiya Barta Desk, 2 September

You might also like