নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫০ বছৰত সর্বাধিক তাপমাত্রাৰ গ্রাসত জাপান

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ  ডেৰশ বছৰৰ ভিতৰত সর্বাধিক তাপমাত্রাৰ গ্রাসত পৰিছে জাপান৷ দেশখনৰ উত্তৰাঞ্চলত পাৰাস্তম্ভ ৩৫ ডিগ্রী চেলচিয়াছলৈ ঊর্ধ্বগামী হৈছে৷ ১৫০ বছৰৰ ইতিহাসত সর্বাধিক তাপমাত্রাৰ গ্রাসত পৰাৰ পৰিপ্রেক্ষিতত থার্মেল বিদ্যুৎ প্রকল্প বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বিদ্যুৎ প্রকল্প বন্ধ কৰিবলগীয়া হোৱাত বিদ্যুতৰ নাটনিৰ সম্ভাৱনাক লৈ দেশখনৰ নাগৰিক উদ্বিগ্ণ হৈছে৷ তথ্য মতে, দেশখনৰ উত্তৰ–পূবৰ থার্মেল পাৱাৰ প্লেণ্টটো বন্ধ কৰিবলগীয়া হৈছে৷ তেনেদৰে ফুকুছিমাৰ নাকোছ’ কয়েল আৰু তেল পৰিচালিত শক্তি প্রকল্পটোত ভেণ্টিলেটৰ তাপপ্রৱাহৰ বাবে বিসংগতি হোৱাত কাৰিকৰী কাৰণত এই প্রকল্পকেইটা বন্ধ কৰি দিয়া হৈছে৷ পাৰাস্তম্ভ ঊর্ধ্বগামী হোৱাৰ ফলত দেশখনৰ কেইবাটাও অঞ্চলত তাপপ্রৱাহৰ বাবে ৪,৫৫১জন লোক চিকিৎসাধীন হ’বলগীয়াত পৰিছে৷ এই লোকসকল তাপপ্রৱাহৰ বাবে হূদৰোগত আক্রান্ত হোৱাৰ লগতে আন ৰোগত আক্রান্ত হৈছে৷

You might also like